মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Yami Gautam : কি ৰোগত আক্ৰান্ত হৈছে অভিনেত্ৰী য়ামী গৌতম, যাৰ কোনো চিকিৎসা নাই!

Yami Gautam : কি ৰোগত আক্ৰান্ত হৈছে অভিনেত্ৰী য়ামী গৌতম, যাৰ কোনো চিকিৎসা নাই!

এগৰাকী তাৰকাৰ বাবে এনেধৰণৰ কথা প্ৰকাশ কৰাটো সহজ নহয়। কিন্তু য়ামীয়ে সাহস দেখুৱাই ইয়াক স্বীকাৰ কৰিছে আৰু ছচিয়েল মিডিয়াত খোলাখুলিকৈ নিজৰ সমস্যাৰ কথা প্ৰকাশ কৰিছে।

এগৰাকী তাৰকাৰ বাবে এনেধৰণৰ কথা প্ৰকাশ কৰাটো সহজ নহয়। কিন্তু য়ামীয়ে সাহস দেখুৱাই ইয়াক স্বীকাৰ কৰিছে আৰু ছচিয়েল মিডিয়াত খোলাখুলিকৈ নিজৰ সমস্যাৰ কথা প্ৰকাশ কৰিছে।

এগৰাকী তাৰকাৰ বাবে এনেধৰণৰ কথা প্ৰকাশ কৰাটো সহজ নহয়। কিন্তু য়ামীয়ে সাহস দেখুৱাই ইয়াক স্বীকাৰ কৰিছে আৰু ছচিয়েল মিডিয়াত খোলাখুলিকৈ নিজৰ সমস্যাৰ কথা প্ৰকাশ কৰিছে।

  • Share this:



বলীউদৰ অভিনেত্ৰী য়ামী গৌতমে (Yami Gautam) শেহতীয়াকৈ প্ৰকাশ কৰিছে যে তেওঁ ‘কেৰাটোছিছ পিলাৰিছ’ (Skin Condition Keratosis Pilaris) নামৰ এক ছালৰ ৰোগত আক্ৰান্ত। বহুদিন পূৰ্বৰে পৰা এই সমস্যা আৰম্ভ হৈছিল আৰু ইয়াৰ কোনো চিকিৎসা নাই। য়ামীয়ে ছচিয়েল মিডিয়াত নিজৰ চৰ্মৰোগৰ বিষয়ে কয় আৰু লগতে কেইবাখনো ফটোও শ্বেয়াৰ কৰে।

এগৰাকী তাৰকাৰ বাবে এনেধৰণৰ কথা প্ৰকাশ কৰাটো সহজ নহয়। কিন্তু য়ামীয়ে সাহস দেখুৱাই ইয়াক স্বীকাৰ কৰিছে আৰু ছচিয়েল মিডিয়াত খোলাখুলিকৈ নিজৰ সমস্যাৰ কথা প্ৰকাশ কৰিছে। অভিনেত্ৰীগৰাকীৰ এই পোষ্ট ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। য়ামীয়ে মিডডেৰ সৈতে এক সাক্ষাৎকাৰত কৈছিল যে ছালৰ এই সমস্যাক লৈ কথা কোৱাটো এই সমস্যাৰ পৰা মুক্তি পোৱাৰ দৰেই আছিল।

অভিনেত্ৰীগৰাকীয়ে কৈছিল, ‘পোষ্ট লিখাটো টান কাম নাছিল, ইয়াৰ পৰা মুক্ত হোৱাৰ দৰে লাগিছিল। মই যিদিনাই নিজৰ ছালৰ ৰোগৰ বিষয়ে জানিছিলো, সেই দিনৰ পৰা পোষ্ট লিখালৈ এই সময়খিনি খুব প্ৰত্যাহ্বানমূলক আছিল। যেতিয়া মানুহে মোক শ্বুটিঙত দেখিছিল, তেতিয়া এই সম্পৰ্ক কথা পাতিছিল যে কেনেকৈ ইয়াক লুকুৱাব পাৰি‍।’



য়ামীয়ে আৰু কয়, ‘এই সমস্যাই মোক খুব প্ৰভাৱিত কৰিছে। ইয়াক স্বীকাৰ কৰা আৰু নিজৰ আত্মবিশ্বাক ঘূৰাই পোৱাৰ বাবে কেইবাবছৰো লাগিল। মই পোষ্টত প্ৰতিক্ৰিয়া পোৱাৰ পিছত অভিভূত হৈ পৰিছিলো।’

‘Keratosis Pilaris’ৰ দ্বাৰা কি সমস্যা হয়?

‘কেৰাটোছিছ পিলাৰিছ’ এক ছালৰ সমস্যা, যাৰ ফলত ছাল ৰুক্ষ হৈ পৰে আৰু ব্ৰনৰ দৰে সৰু সৰু বাম্প দেখা যায়। য়ামীয়ে ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত লিখিছিল, ‘‘মই আপোনালোকৰ আগত সঁচা কথা ক’বলৈ সাহস কৰিছো। মোৰ ফলিকুলিটিছ লুকুওৱা বা চকুৰ তলৰ অংশ আৰু স্মুথ কৰা বা কঁকালক আৰু ছেপলৈ আনিবলৈ মন যোৱা নাছিল! মই নিজকে সুন্দৰ অনুভৱ কৰো।’’



‘Keratosis Pilaris’ৰ বিষয়ে জানক

কেৰাটোছিছ পিলাৰিছ কেৰাটিন (keratin)ৰ বাবে হয়, এয়া এক হাৰ্ড প্ৰটিন যিয়ে ছালক হানিকাৰক পদাৰ্থ আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে। এয়া আমাৰ চুলি আৰু নখত পোৱা যায়। কেৰাটোছিছ পিলাৰিছ ছালৰ নোম বা ৰন্ধ্ৰত কেৰাটিন নামৰ প্ৰটিন সৃষ্টি হোৱাৰ ফলত হয়, যিয়ে ছালৰ ৰন্ধ্ৰসমূহ বন্ধ কৰি দিয়ে। এয়া কিয় হয়, চিকিৎসকৰ ওচৰতো ইয়াৰ স্পষ্ট উত্তৰ নাই। ইয়াৰ কেইবাটাও লেয়াৰ থাকে কিন্তু কেৰাটিনৰ টপ লেয়াৰ নষ্ট হৈ গ’লে ইয়াৰ প্ৰভাৱ আমাৰ আন অংগত পৰা দেখা যায়। এয়া এক আনুবংশিক ৰোগ হ’ব পাৰে।



কেৰাটোছিছ পিলাৰিছ যিকোনো বয়সৰ লোকৰ হ’ব পাৰে, কিন্তু এয়া শিশুৰ ক্ষেত্ৰত সাধাৰণ।  ইয়াৰ লক্ষণসমূহ হ’ল –

– যন্ত্ৰণাহীন সৰু সৰু বাম্প সাধাৰণতে বাহু, উৰু, গাল আৰু নিতম্বত দেখা যায়।

– বাম্প থকা ছাল ৰুক্ষ হোৱাৰ লগতে শুকান দেখায়।

– বতৰ সলনি হ’বলগীয়া কম আৰ্দ্ৰতাৰ ফলত ছাল শুকান হৈ পৰে।

য়ামীয়ে প্ৰকাশ কৰিছে যে কেইবাবছৰ ধৰি এই সমস্যাত ভুগি আছে আৰু তেওঁ পোষ্টৰ সৈতে সকলো ভয় দূৰ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ উল্লেখ কৰিছে যে টিনএজ সময়তে এই সমস্যাই দেখা দিছিল আৰু এতিয়ালৈ ইয়াৰ চিকিৎসা নাই। মই কেইবাবছৰ ধৰি এই সমস্যাত ভুগি আছো আৰু আজি অৱশেষত, মই সকলো ভয় আৰু অসুৰক্ষিত ভাৱ দূৰ কৰাৰ সিদ্ধান্ত লৈছো।


শেহতীয়া বাতৰি