জনপ্ৰিয় অভিনেত্ৰী দ্বীপলিনা ডেকাৰ নতুন চুটি ছবিখন আদৰি লৈছে দৰ্শকে।
জনপ্ৰিয় অভিনেত্ৰী দ্বীপলিনা ডেকাৰ নতুন চুটি ছবিখন আদৰি লৈছে দৰ্শকে।
আজি ৰঙালী বিহুৰ উৰুকা। বিহুৰ বতৰতে অসমৰ প্ৰায় প্ৰতিগৰাকী কণ্ঠশিল্পী, অভিনেতা-অভিনেত্ৰীয়ে দৰ্শকৰ বাবে আগবঢ়াইছে নতুন নতুন উপহাৰ। অভিনেত্ৰী দ্বীপলিনা ডেকাই এইবাৰ আগবঢ়াইছে এটি ব্যতিক্ৰমী উপহাৰ।
অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ নিজৰ প্ৰযোজনা, পৰিকল্পনাৰে শেহতীয়াকৈ মুক্তি দিয়া হৈছে 'WINDCHIME' নামৰ এখন চুটি ছবি। কোভিড পৰিস্থিতিৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ আলম লৈ নিৰ্মাণ কৰা ছবিখন এতিয়া আদৰিছে দৰ্শকে। লগতে দ্বীপলিনাৰ অভিনয়কো কৰিছে উচ্চ প্ৰশংসা।
ছবিখনত দ্বীপলিনা ডেকাই আভাৰ চৰিত্ৰত অভিনয় কৰিছে। যাৰ স্বামী কোভিডৰ বাবে কোৰেণ্টাইনত আছিল। আৰু সেইসময়তে আভা সন্মুখীন হোৱা বহু কঠিন পৰিস্থিতিৰ ওপৰত নিৰ্মাণ কৰা হৈছে ছবিখনত। ছবিখন পৰিচালনা কৰিছে অনামিকা শৰণীয়াই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|