• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Saif Ali Khan: ছৈইফ আলী খানৰ দৰে অমৃতা সিঙৰ দ্বিতীয় বিবাহ হোৱা নাছিল, ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ আছিল এয়া

Saif Ali Khan: ছৈইফ আলী খানৰ দৰে অমৃতা সিঙৰ দ্বিতীয় বিবাহ হোৱা নাছিল, ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ আছিল এয়া

অমৃতা সিং আৰু ছৈইফ আলী খান, যাৰ বিবাহৰ পৰা বিবাহ বিচ্ছেদে এসময়ত শিৰোনাম দখল কৰিছিল

অমৃতা সিং আৰু ছৈইফ আলী খান, যাৰ বিবাহৰ পৰা বিবাহ বিচ্ছেদে এসময়ত শিৰোনাম দখল কৰিছিল

অমৃতা সিং আৰু ছৈইফ আলী খান, যাৰ বিবাহৰ পৰা বিবাহ বিচ্ছেদে এসময়ত শিৰোনাম দখল কৰিছিল

  • Share this:
অমৃতা সিং আৰু ছৈইফ আলী খান, যাৰ বিবাহৰ পৰা বিবাহ বিচ্ছেদে এসময়ত শিৰোনাম দখল কৰিছিল, আজি সেই চৰ্চা নাথাকিলেও বলীউড অনুৰাগীৰ মাজত কিছু প্ৰশ্নই খুন্দিয়াই থাকে। আপোনাক জনাওঁ যে অমৃতা আৰু ছৈইফ ফটোশ্বুটৰ সময়ত লগ পাইছিল, কোৱা হয় যে অমৃতাক সেই সময়ত দেখাৰ লগে লগে ছৈইফ তেওঁৰ প্ৰেমত পৰিছিল। পিছলৈ ইজনে সিজনৰ সৈতে ডেটিং কৰাৰ অন্তত ছৈইফ আলী খান (Saif Ali Khan) আৰু অমৃতা সিঙে ১৯৯১ চনত ইজনে সিজনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পিছত ছৈইফ আলী খান আৰু অমৃতা সিঙে (Amrita Singh) চাৰা আলী খান আৰু ইব্ৰাহিম আলী খান নামৰ দুটা সন্তান লাভ কৰে ।

বিয়াৰ পিছত কিছু সময়ৰ বাবে সকলো ঠিকেই চলিছিল, কিন্তু ইয়াৰ পিছত ছৈইফ আৰু অমৃতাৰ (Saif Ali Khan and Amrita Singh) মাজৰ উত্তেজনা যথেষ্ট বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। ২০০৪ চনত বিবাহৰ ১৩ বছৰৰ পিছত ছৈইফ আৰু অমৃতাই পাৰস্পৰিক বিভেদ আৰু কাজিয়াৰ বাবে বিবাহ বিচ্ছেদ কৰে আৰু ইজনে সিজনৰ পৰা পৃথক হয়। একে সময়তে, ২০০৮ চনৰ ভিতৰত 'তাশান' চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়ত অভিনেত্ৰী কৰীণা কাপুৰৰ সৈতে ছৈইফৰ ঘনিষ্ঠতা বৃদ্ধি পায় আৰু দুয়োজনে ইজনে সিজনক ডেট কৰা আৰম্ভ কৰে।



কেইবছৰমান ইজনে সিজনৰ সৈতে ডেটিং কৰাৰ পিছত, ছৈইফ আৰু কৰীণাই ২০১২ চনত বিবাহ পাশত আবদ্ধ হয়। অৱশ্যে, ছৈইফৰ পৰা বিবাহ বিচ্ছেদৰ পিছত অমৃতাই তেনে কোনো পদক্ষেপ লোৱা নাছিল আৰু পুনৰ বিয়া কৰোৱা নাছিল। এতিয়া প্ৰশ্ন উঠিছে যে অমৃতাই এনে কিয় কৰিছিল?



গতিকে, জানি লওক যে ছৈইফ আলী খানৰ পৰা বিবাহ বিচ্ছেদৰ পিছত শিশুসকলৰ জিম্মা ( Sara Ali Khan, Ibrahim Ali Khan) অমৃতাৰ সৈতে আছিল। এনে পৰিস্থিতিত সন্তান আৰু তেওঁলোকৰ দায়িত্বৰ বাবে অমৃতাৰ দ্বিতীয় বিবাহ হোৱা নাছিল।
Published by:Gautam Barman
First published: