• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Kiara Advani : ৰণবীৰ-আলিয়াৰ পিছত এইবাৰ সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ চৰ্চা বলীউডত

Kiara Advani : ৰণবীৰ-আলিয়াৰ পিছত এইবাৰ সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ চৰ্চা বলীউডত

কেতিয়া বিয়াত বহিব সিদ্ধাৰ্থ মালহোট্ৰা আৰু কিয়াৰা আদৱানী

কেতিয়া বিয়াত বহিব সিদ্ধাৰ্থ মালহোট্ৰা আৰু কিয়াৰা আদৱানী

কেতিয়া বিয়াত বহিব সিদ্ধাৰ্থ মালহোট্ৰা আৰু কিয়াৰা আদৱানী

  • Share this:
শেহতীয়াকৈ বলীউডত জনপ্ৰিয় হৈছে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ ছবি। যোৱা বছৰৰ ছুপাৰ হিট ছবি শ্বেৰশ্বাহ ছবিত দুয়োকে একেলগে দেখা গৈছিল। পিছে এই ছবিখনৰ পিছতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক চলি থকা বুলি সৰৱ চৰ্চা চলিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। ইতিমধ্যে দুয়ো শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ'ব বুলিও বিভিন্ন মহলত চৰ্চা চলিছে।

শেহতীয়াকৈ কৰণ জোহৰৰ এটা ৰিয়েলিটী শ্ব'ত সিদ্ধাৰ্থ মালহোত্ৰাক তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে সোধাত তেওঁ এয়া কেৱল বন্ধুত্বমূলক সম্পৰ্ক বুলিহে কয়। পিছে ইয়াৰ পিছতো দুয়োকে প্ৰায়ে একেলগে দেখাৰ বাবে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ অনুৰাগীসকলৰ মাজত দুয়োৰে সম্পৰ্কক লৈ চলিছে নতুন চৰ্চা। সেয়ে এতিয়া বলীউড প্ৰেমীসকলৰ মতে ৰণবীৰ-আলিয়াৰ দৰেই শীঘ্ৰেই বিয়াত বহিব সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানি।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি