উত্তৰ প্ৰদেশৰ আলিগড়ত এক অনন্য বিবাহ সম্পন্ন গৈছিল। আপুনি নিশ্চয় আড়ম্বৰপূৰ্ণ বহুতো মানৱ বিবাহ দেখিছে, কিন্তু উত্তৰ প্ৰদেশৰ আলিগড়ত দুটি কুকুৰৰ বিবাহ এতিয়া আলোচনাৰ বিষয় হৈ আছে। ইয়াত টমি আৰু জেলী নামৰ দুটি কুকুৰৰ আড়ম্বৰৰ সৈতে বিবাহ সম্পন্ন হৈছিল য'ত টমি হ'ল দৰা আৰু জেলী কইনা। এই বিবাহৰ সময়ছোৱাত মানুহে সাংঘাটিক স্ফুৰ্তি, নৃত্য আদি কৰিছিল। টমি আৰু জেলীৰ বিবাহত মানুহৰ বিবাহৰ নিয়মসমূহ পালন কৰা হৈছিল।
দৰাচলতে, আলিগড়ৰ সুখৰাৱালী গাঁৱৰ প্ৰাক্তন প্ৰধান দিনেশ চৌধুৰীৰ টমি নামৰ এটা ৮ মহীয়া কুকুৰৰ বিয়া আত্ৰৌলিৰ টিক্ৰি ৰায়পুৰৰ বাসিন্দা ড০ ৰামপ্ৰকাশ সিঙৰ এটা৭ মহীয়া মাইকী কুকুৰ জেলীৰ সৈতে ঠিক কৰা হৈছিল। জানিব পৰা মতে, ৰাম প্ৰকাশে দিনেশ চৌধুৰীৰ ঘৰলৈ গৈ সম্পৰ্কৰ বিষয়ে কথা পাতিছিল আৰু টমি আৰু জেলীৰ বিবাহ ঠিক কৰিছিল, তাৰ পিছত ধুমধামেৰে বিবাহ হৈছিল।
সমগ্ৰ গাওঁবাসীক বিবাহৰ নিমন্ত্ৰণ-টমি আৰু জেলীৰ বিয়া ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে নিৰ্ধাৰণ কৰা হৈছিল। বিয়াখন অতি ধুমধামেৰে আয়োজন কৰা হৈছিল। জেলিৰ ফালৰ পৰা মানুহে টমিৰ ফালৰ মানুহবোৰক তিলক লগাইছিল। ঢোল-ডগৰৰ সৈতে বিবাহযাত্ৰী বিবাহস্থলীত উপস্থিত হৈছিল। বিয়াখনত সমগ্ৰ গাওঁখনক নিমন্ত্ৰণ কৰা হৈছিল। বিয়াত দেশী ঘিউৰ খাদ্য পৰিৱেশন কৰা হৈছিল, যিটো চুবুৰীয়া কুকুৰবোৰৰ মাজতো বিতৰণ কৰা হৈছিল। পণ্ডিতজীৰ উপস্থিতিত, টমি আৰু জেলীৰ বিবাহকাৰ্য সম্পন্ন কৰা হৈছিল।
বিয়াখনত, টমি আৰু জেলীক ডিঙিত ফুলৰ মালা পিন্ধাই দুয়োপক্ষই আশীৰ্বাদ দিছিল। সকলো পুৰুষ আৰু মহিলাই ঢোলৰ শব্দত নাচিছিল। ইয়াৰ পিছত, লোকসকলক খাদ্য পৰিৱেশন কৰা হৈছিল। টমিৰ গৰাকী দিনেশে কৈছিল যে তেওঁ এই বিয়াৰ বাবে প্ৰায় ৪০,০০০-৪৫,০০০ টকা খৰচ কৰিছিল।
মন কৰিবলগীয়া যে, টমি আৰু জেলীৰ বিবাহৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যিয়ে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক যথেষ্ট আমোদ দিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 16, 2023, 09:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।