টীম ইণ্ডিয়াৰ যুৱ লেগ স্পিনাৰ য়ুজবেন্দ চাহালৰ বাগদত্তা ধনাশ্ৰী বাৰ্মাৰ ভিডিও ইনষ্টাগ্ৰামত বাৰুকৈ ভাইৰেল হৈ পৰিছে।
শেহতীয়াকৈ তেওঁ এটা পাঞ্জাবী গীত 'দাৰু বদনাম কৰদি’ত নৃত্য কৰি ভিডিও আপলোড কৰিছে।
অনুৰাগীসকলে যথেষ্ট পচন্দ কৰিছে এই ভিডিও। ইয়াৰ পূৰ্বে তেওঁ সুখবিন্দৰ সিঙৰ গীত ‘পেৰ’ মে গুংগৰু’ত নিজৰ ডান্স কৰিয়গ্ৰাফী দেখুৱাইছিল।
ধনাশ্ৰীয়ে এই ভিডিওৰ জৰিয়তে নিজৰ আগন্তুক অনলাইন ডান্স ক্লাছৰ কাৰণে ডেম’ দেখুৱাইছে। পেছাত ধনাশ্ৰী এগৰাকী প্ৰফেচনেল ইউটিউবাৰ, ডান্সাৰ আৰু কৰিয়গ্ৰাফাৰ। লকডাউনৰ সময়ত তেওঁ অনলাইন ডান্স ক্লাছ লৈ আছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|