মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Viral Dance of Florina Gogoi : জানে বালমা ঘোঁৰে পে ক্যিউ চাৱাৰ হ্যে...গীতৰ তালত নাচি ভাইৰেল অসমৰ ফ্লৰিনা গগৈ, চাওক ভিডিঅ'

Viral Dance of Florina Gogoi : জানে বালমা ঘোঁৰে পে ক্যিউ চাৱাৰ হ্যে...গীতৰ তালত নাচি ভাইৰেল অসমৰ ফ্লৰিনা গগৈ, চাওক ভিডিঅ'

ছুপাৰ ডেন্সাৰ চেপ্টাৰ ফ'ৰ ছমহীয়া প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেল বিজয়ী ফ্লৰিনাই পাইছে বহুতৰে প্ৰশংসা

ছুপাৰ ডেন্সাৰ চেপ্টাৰ ফ'ৰ ছমহীয়া প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেল বিজয়ী ফ্লৰিনাই পাইছে বহুতৰে প্ৰশংসা

  • Share this:

জানে বালমা ঘোঁৰে পে ক্যিউ চাৱাৰ হ্যে... বেছ কেইদিনমান ধৰি এই গীতটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। ২০২২ত মুক্তি পোৱা 'কলা' ছবিৰ এই গীতটোৰ ওপৰত তৈয়াৰ হৈছে ৰীল। শ্ৰদ্ধা আৰ্যকে ধৰি বহুতে ৰীল বনাইছে। দেশৰ ইমূৰৰ পৰা সিমূৰলৈ বহুতে বনাইছে ৰীল। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই অসমৰ ফ্লৰিনা গগৈও ( Florina Gogoi)।


সৰ্বভাৰতীয় প্ৰেক্ষাপটত ছুপাৰ ডেন্সাৰ চেপ্টাৰ ফ'ৰ ট্ৰফীৰ বিজয়ৰ মুকুট পৰিধান কৰা ফ্লৰিনা গগৈৰ এই ভিডিঅ' আছিল অনন্য। গীত আৰু সুৰৰ লালিত্যক অপূৰ্ব শাৰীৰিক অভিব্যক্তিৰ মাজেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰা ফ্লৰিনাৰ ভিডিঅ' প্ৰত্যক্ষ কৰি সকলোৱে প্ৰশংসা কৰিছে। সেয়ে ''জানে বালমা ঘোঁৰে পে ক্যিউ চাৱাৰ হ্যে''ৰ এই ভিডিঅ' হৈ পৰিছে ভাইৰেল (Viral Dance of Florina Gogoi)।






উল্লেখ্য, ২০২১ত অনুষ্ঠিত ছনী টিভি এণ্টাৰটেইনমেণ্টৰ কিডছ ডেন্স ৰিয়েলিটী শ্ব' ছুপাৰ ডেন্সাৰ চেপ্টাৰ ফ'ৰ ছমহীয়া প্ৰতিযোগিতা গ্ৰেণ্ড ফাইনেলত প্ৰৱেশ কৰা ৫ প্ৰতিযোগীৰ ভিতৰত জিলিকি উঠিছিল ফ্লৰিনা। বিজয়ীৰ মুকুট পৰিধান কৰি তেওঁ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছিল। কলা ছবিৰ এই বিশেষ গানটোৰ (Ghodey Pe Sawaar) তালত পুনৰ এই বৰ্ষত কৰা নৃত্য দেখি বহুতে ফ্লৰিনাৰ প্ৰতিভা অক্ষত থকাত আনন্দ প্ৰকাশ কৰিছে।

শেহতীয়া বাতৰি