বিয়াত যে কি কাণ্ড নঘটে! এটা ভিডিও সম্প্ৰতি ভাইৰেল হৈ পৰিছে। দেখা গৈছে যে, বিয়াৰ বাবে এক ৰাজকীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আছে বহু অতিথি। দৰা আৰু কইনাই ষ্টেজত ডান্স পাৰ্টী কৰিব। এনে ধৰণৰ আছিল পৰিকল্পনা। কিন্তু ষ্টেজৰ পৰা নামি দৰাই যি কাণ্ড কৰিলে, সেয়া দেখিলেহে অনুভৱ কৰিব পাৰিব। ভাগ্য ভাল আছিল দৰা-কইনাৰ হাত-ভৰি নাভাঙিল।
বিয়াত দৰা-কইনাৰ ডান্স পাৰফৰ্মেন্স কোনো নতুন কথা নহয়। মনত আনন্দ থাকিলে সকলো সম্ভৱ। কিন্তু সেই আনন্দ চৰম পৰ্যায়ত হলে কি ঘটনা ঘটিব পাৰে, সেয়া এই ভিডিওটো চালেই বুজিব পাৰিব! দেখা গৈছে যে, ডান্স পাৰফৰ্মেন্সৰ বাবে ষ্টেজৰ পৰা কইনাক পিঠিত উঠাই নমাই আনিছে দৰাই। কিন্তু তাৰ পিছতে দুয়ো হামখুৰি খাই পৰে। ভাগ্য ভাল আছিল, কোনো ধৰণৰ গুৰুতৰ আঘাত নাপালে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 23, 2021, 13:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|