অভিনেত্ৰী আলিয়া ভাট বিবাহৰ পিছত কামলৈ উভতি আহিছে। আলিয়া বৰ্তমান কৰণ জোহৰৰ পৰৱৰ্তী ছবি 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। অলপতে তেওঁক দৃশ্যগ্ৰহণৰ পিছত নতুন দিল্লীৰ বিমানবন্দৰত দেখা গৈছিল (Alia Bhatt Viral Video)। আৰু তাতেই আলিয়া ভাটক এক অদ্ভুতধৰণে লাগেজটো লৈ দৌৰি যোৱা দেখা গৈছিল।
বিমানবন্দৰত উপস্থিত অনুৰাগীসকলে আলিয়াক তেনেদৰে দৌৰি যোৱা দেখি আচৰিত হৈছিল। ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এই ভিডিঅ'টো দেওবাৰৰ। ভিডিঅ'টোত আলিয়াক লাগেজ ট্ৰলীখন ঠেলি লৈ দৌৰি যোৱা দেখা গৈছে। ভিডিঅ'টোত পৰিচালক কৰণ জোহৰকো দেখা গৈছিল।
বিমানবন্দৰৰ কৰ্মচাৰী আৰু অন্যান্য যাত্ৰীসকলে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আলিয়া আৰু কৰণক চাবলৈ উৎসাহিত হৈ থকা সময়তে আলিয়াক এনেদৰে দৌৰি যোৱা দেখি আচৰিত হৈছিল।
অকল আলিয়াই নহয়, চলচ্চিত্ৰখনৰ কলাকুশলীসকলকো আলিয়াৰ পিছফালে দৌৰি থকা দেখা গৈছিল। আলিয়া ভাটে দেওবাৰে তেওঁৰ আহিবলগীয়া ছবি 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ৰ দৃশ্যগ্ৰহণ কৰি আছিল যেতিয়া দিল্লী বিমানবন্দৰত ভিডিঅ' লোৱা হৈছিল।
Published by: Gautam Barman
FIRST PUBLISHED : May 04, 2022, 23:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|