ছচিয়েল মিডিয়া আজিৰ তাৰিখত সমাজৰ বাবে এক আইনাৰ দৰে হৈ পৰিছে। যিসকল এই মাধ্যমত সক্ৰিয় তেওঁলোকে 'ভাইৰেল ভিডিঅ' শব্দটোৰ অৰ্থ ভালদৰে জানে। নেট দুনীয়াত
যিকোনো সময়তে কিবা অদ্ভুত কাম কৰা যিকোনো ব্যক্তি ভাইৰেল হ'ব পাৰে।
নেটিজেনসকলে ধনী আৰু দৰিদ্ৰ আৰু ক'লা আৰু বগাৰ মাজৰ বিভাজন দেখা নাপায়। যিকোনো নতুন বস্তুৱেই তেওঁলোকক প্ৰভাৱিত কৰে। তেনে এক ডাঙৰ উদাহৰণ হৈছে- ৰাণাঘাটৰ ৰাণু মণ্ডল বা শ্ৰীলংকাৰ ইয়োহানি। যিসকলৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। একেদৰে, ভুৱন বাদ্যকাৰৰ 'কেঁচা বাদাম গীতো ভাইৰেল হৈছিল।
শেহতীয়াকৈ ভুৱনৰ দৰে ভাইৰেল হৈছে আন এজন লোক।তেওঁ পেছাত এজন আঙুৰ বিক্ৰেতা। ফল বিক্ৰী কৰোঁতে, তেওঁ গোৱা গীত ভাইৰেল হৈছে। অচিনাকী লোকজন ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছে।
এনে এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দেখা গৈছে যে বিক্ৰেতাই গান গাই ক'লা আঙুৰ বিক্ৰী কৰি আছে। নেটিজেনে এতিয়া শ্বেয়াৰ কৰিছে ভিডিওটো। ভিডিঅ'টো ইতিমধ্যে এক লাখতকৈ অধিক ভিউ হৈছে।
Published by: Himangshu Bhuyan
First published: March 27, 2022, 22:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|