• Home
  • »
  • News
  • »
  • entertainment
  • »
  • শ্ৰীলংকাৰ জনপ্ৰিয় গায়িকা য়ুহানী এইবাৰ বলিউডত! কি গানত কণ্ঠদান কৰিব য়ুহানীয়ে?

শ্ৰীলংকাৰ জনপ্ৰিয় গায়িকা য়ুহানী এইবাৰ বলিউডত! কি গানত কণ্ঠদান কৰিব য়ুহানীয়ে?

য়ুহানী নামেৰে জনপ্ৰিয় য়ুহানী দিলোকা দে ছিলভা শ্ৰীলংকাৰ এগৰাকী গায়িকা-গীতিকাৰ।

য়ুহানী নামেৰে জনপ্ৰিয় য়ুহানী দিলোকা দে ছিলভা শ্ৰীলংকাৰ এগৰাকী গায়িকা-গীতিকাৰ।

হিন্দীত গীতটো ৰেকৰ্ডিং কৰাটো তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক আছিল বুলি প্ৰকাশ কৰে কণ্ঠশিল্পীগৰাকীয়ে। তেওঁ কয় যে ভাষাটো শিকাটোৱেই আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

  • Share this:
য়ুহানী নামেৰে জনপ্ৰিয় য়ুহানী দিলোকা দে ছিলভা শ্ৰীলংকাৰ এগৰাকী গায়িকা-গীতিকাৰ। তেওঁৰ বিখ্যাত গীত ‘মণিকে মাগে হিঠে' এতিয়া অজয় দেৱগনৰ অভিনীত ‘থেংক গড’ৰ চাউণ্ডট্ৰেকৰ অংশ হ’বলৈ গৈ আছে।

হিন্দীত গীতটো ৰেকৰ্ডিং কৰাটো তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক আছিল বুলি প্ৰকাশ কৰে কণ্ঠশিল্পীগৰাকীয়ে। তেওঁ কয় যে ভাষাটো শিকাটোৱেই আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। য়ুহানীয়ে লগতে কয়, "মই হিন্দী গীত শুনি ডাঙৰ হৈছো, কিন্তু প্ৰকৃত চিনেমাৰ ট্ৰেক বনোৱাটো বহুত বেলেগ। মই মূলতঃ আন এগৰাকী অভিনেত্ৰীৰ কণ্ঠ আছিলোঁ। ৰেকৰ্ডিং কৰাৰ সময়ত উচ্চাৰণ, টেক্সচাৰ, গতিশীলতা সম্পূৰ্ণৰূপে সলনি হয় আৰু মই প্ৰথমবাৰৰ বাবে এনেকুৱা কিবা এটা কৰি আছো।" এই যাত্ৰাত তেওঁক সমৰ্থন কৰাৰ বাবে গায়িকাগৰাকীয়ে সমগ্ৰ দলটোক কৃতিত্ব দিয়ে। তেওঁ কয় যে সঠিক উচ্চাৰণ আৰু প্ৰয়োজনীয় আৱেগ পাবলৈ মই বহুবাৰ ৰেকৰ্ডিং কৰিবলগীয়া হৈছিল।


প্ৰসংগক্ৰমে গীতটোৰ সুৰত আছে ‘ব’লনা’ (কাপুৰ এণ্ড সন্স) আৰু ‘ৱেহ মাহি’ (‘কেশৰী’) আদি ট্ৰেকৰ বাবে সুপৰিচিত তানিস্ক বাগচি। বাগচিয়ে কয়, "'মানিকে' এটা মাৰ্মান্তিক গীত যিয়ে ইণ্টাৰনেটত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে...কিন্তু ছবিখনৰ পৰিৱেশৰ সৈতে ই যথেষ্ট ভালদৰে মিলিছে।" তেওঁ লগতে কয়, ‘য়ুহানীৰ বহু প্ৰতিভা আৰু সম্ভাৱনা আছে। তেওঁৰ সৈতে কাম কৰাটো এটা সম্পূৰ্ণ নতুন অভিজ্ঞতা।"
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি