টিভি জগতৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্বো' বিগ বছ অ'টিটি (Bigg Boss OTT)' ত ভাগ লোৱা উৰ্ফি জাভেদ (Urfi Javed) টিভিৰ এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে ছচিয়েল মিডিয়া জগতৰো এটা বিখ্যাত নাম। উৰ্ফি এগৰাকী ছচিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ। তেওঁ নিজৰ অদ্ভূত ড্ৰেছিং চেঞ্চৰ জৰিয়তে অনুৰাগীৰ মাজত চৰ্চিত হৈ থাকে। পিছে যোৱা কিছুদিনৰ পৰা তেওঁ পৰিধান কৰা অদ্ভূত পোছাকৰ বাবে একেৰাহে ট্ৰ'লৰ সন্মূখীন হৈ আছে।
উৰ্ফি জাভেদ এইবাৰ ট্ৰ'ল হোৱাৰ কাৰণ হৈছে তেওঁ পৰিধান কৰা জিন্স পেণ্টৰ বাবে। দৰাচলতে, উৰ্ফিয়ে যিটো জিন্স পিন্ধি আছিল তাৰ বুটামটো খোলা আছিল। সেইটোতে অনুৰাগীসকল বিতুস্ত হৈ তেওঁক সমালোচনাৰে থকা-সৰকা কৰি পেলাইছে। এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ ভিডিঅ'ত মন্তব্য কৰি লিখিছে, 'জিন্সৰ বুটাম খোলা থকাটো কি ধৰণৰ ফেশ্বন!'
আন এজন অনুৰাগীয়ে লিখিছে, 'এওঁ কি সদায় এয়াৰ প'ৰ্টত এটেনছন পাবলৈকে যায় নেকি?' আনহাতে এজনে লিখিছে, 'ইনষ্টাগ্ৰামৰো যদি ডিছলাইক কৰিব পৰা অপচন থাকিলেহেঁতেন।' উৰ্ফি জাভেদ, বিগ বছ অ'টিটিৰ এগৰাকী প্ৰতিযোগী আছিল, যি প্ৰায়ে তেওঁৰ অদ্ভূত পোছাক-পৰিচ্ছদৰ বাবে ছচিয়েল মিডিয়া তোলপাৰ লগাই থাকে। তথাপি, উৰ্ফিৰ ছ'চিয়েল মিডিয়াত যথেষ্ট সংখ্যক অনুৰাগী আছে। উৰ্ফিৰ ইনষ্টাগ্ৰামত ১৫ লাখতকৈও অধিক ফ্ৰেণ্ড-ফলোৱাৰ আছে। উৰ্ফিয়ে প্ৰায়ে তেওঁৰ ব'ল্ড আৰু আকৰ্ষণীয় ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি শিৰোনাম দখল কৰি থাকি ভাল পায় ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|