বলীউডৰ কিংবদন্তী চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ আটাইতকৈ প্ৰতীক্ষিত সংগীত এলবাম 'চুকুন' আজি মুক্তি পাইছে। এই এলবামটো তৈয়াৰ কৰিবলৈ তেওঁক প্ৰায় দুবছৰ সময় লাগিছিল। সঞ্জয়ে সুৰৰ ৰাণী লতা মংগেশকাৰৰ সন্মানত এই এলবামটো উপস্থাপন কৰিছে। ৯ টা গান ৰখা এই এলবামটোৱে আজিৰ যুৱপ্ৰজন্মৰ সৈতে সংযোগ কৰা ভাল পুৰণি আৰু প্ৰিয় গানবোৰৰ কথা মনত পেলাই দিয়ে।
এলবামটোত "গালিব হোনা হে", "তুঝে ভি চান্দ", "কাৰাৰ", "দৰ্দ পাথৰোঁ কো", "গাম না হোনা", "হৰ এক বাত", "মুস্কুৰাহত" আৰু "শিৱা তেৰে"ৰ দৰে গান অন্তৰ্ভুক্ত আছে। ৰছিদ খান, শ্ৰেয়া ঘোষাল, অৰমান মালিক, চাহিল হাদা, পাপন, প্ৰতিভা বাঘেল আৰু মাধুবন্তী বাগচীৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পীসকলে একেলগে আহি এই বিশেষ এলবামটো কিউৰেট কৰিছে। 'চুকুন'ৰ প্ৰতিটো সুৰ বিশেষ আৰু লগতে নিজৰ ধৰণে অনন্য।
![]()
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই এলবামটোৰ সকলো বোৰ গান ইউটিউব মিউজিকৰ উপৰিও জিঅ'চাভন, স্পটিফাই, হাঙ্গামা, আমাজন মিউজিকৰ দৰে সকলো আগশাৰীৰ এপত উপলব্ধ। 'গালিব হোনা হে' গানটোৱে অৰমান মালিকৰ এক অতি বেলেগ দিশ আনিব, কিয়নো তেওঁ এজন প্ৰেমিকৰ গভীৰ অনুভূতি প্ৰকাশ কৰিছে। গানটোৰ কথাবোৰ হৈছে এ.এম. তুৰাজৰ দ্বাৰা লিখা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|