உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Sara Tendulkar Viral: লেট নাইট ডেটলৈ গ’ল শচীন কন্যা ছাৰা তেণ্ডুলকাৰ, লগত কোন? ফটো ভাইৰেল

    Sara Tendulkar Viral: লেট নাইট ডেটলৈ গ’ল শচীন কন্যা ছাৰা তেণ্ডুলকাৰ, লগত কোন? ফটো ভাইৰেল

    ফটো দেখি প্ৰথমে বহুতে ভাৱিছিল, হয়তো চৰ্চিত প্ৰেমিক শুভমন গিলৰ সৈতেই ডেটলৈ গৈছে ছাৰা।

    ফটো দেখি প্ৰথমে বহুতে ভাৱিছিল, হয়তো চৰ্চিত প্ৰেমিক শুভমন গিলৰ সৈতেই ডেটলৈ গৈছে ছাৰা।

    ফটো দেখি প্ৰথমে বহুতে ভাৱিছিল, হয়তো চৰ্চিত প্ৰেমিক শুভমন গিলৰ সৈতেই ডেটলৈ গৈছে ছাৰা।

    • Share this:
    ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ (Sachin Tendulkar) কন্যা ছাৰা তেণ্ডুলকাৰক লৈ অনুৰাগীৰ মাজত খব উৎসাহ (Sara Tendulkar Viral)। লগতে ছচিয়েল মিডিয়াত মাজে সময়ে ছাৰাৰ বিভিন্ন ফটো ভাইৰেল হয়। ছচিয়েল মিডিয়াত অনুপ্ৰেৰণামূলক চৰিত্ৰসমূহৰ ভিতৰত দেশত শীৰ্ষত আছে ছাৰা তেণ্ডুলকাৰ (Sara Tendulkar Viral)। পিতৃ যেতিয়া শচীন তেণ্ডুলকাৰ (Sachin Tendulkar), তেওঁক লৈ অনুৰাগীৰ আগ্ৰহ নিশ্চয়কৈ থাকিব। সম্প্ৰতি ছাৰাৰ এখন ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ফটোত দেখা গৈছে, ক’লা শ্বৰ্ট ড্ৰেছ পিন্ধি ডেট নাইটলৈ গৈছে ছাৰা।

    ইনষ্টাগ্ৰাম ষ্টৰীত ছাৰাই শ্বেয়াৰ কৰিছে এখন ফটো। তাত দেখা গৈছে, নিজৰ ‘মনৰ মানুহ’ৰ সৈতে ডেটলৈ গৈছে ছাৰা। ফটো যিয়ে তুলিখে, তেওঁৰ কেৱল হাতত ধৰি আছে। কেপচনত লিখা আছে, ‘ডেট নাইট’। শনিবাৰে নিশা এই ফটো দেখি স্বাভাৱিকতে অনুৰাগীৰ মাজত কৌতুহলৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে সেই ফটো। জল্পনা–কল্পনা আৰম্ভ হয় আৰু পুনৰ এবাৰ চৰ্চালৈ আহিল ক্ৰিকেটাৰ শুভমন গীলৰ নাম।



    ফটো দেখি প্ৰথমে বহুতে ভাৱিছিল, হয়তো চৰ্চিত প্ৰেমিক শুভমন গিলৰ সৈতেই ডেটলৈ গৈছে ছাৰা। কিন্তু ফটোখন ভালকৈ চালে বুজা যায় যে হাতখন কোনো মহিলাৰ, কোনো ক্ৰিকেটাৰৰ একেবাৰেই নহয়। আৰু পিছত সকলো ৰহস্যৰ সমাধানো হৈ যায়। বলীউদৰ জনপ্ৰিয় গায়িকা কণিকা কাপুৰৰ সৈতে সময় কটাবলৈ ওলাই গৈছিল ছাৰা। নিজেই কণিকাৰ ফটো শ্বেয়াৰ কৰি জল্পনা–কল্পনাৰ ওৰ পেলালে ছাৰাই।

    কণিকা কাপুৰৰ সৈতে ছাৰাৰ সম্পৰ্ক বহুদিনীয়া। শুভমন অৱশ্যে বৰ্তমান মুম্বাইত নিউজিলেণ্ডৰ সৈতে টেষ্ট ছিৰিজত ব্যস্ত। অৱশ্যে তেওঁলোকৰ প্ৰেমক লৈ কোনোৱে মুখ খোলা নাই।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: