• Home
  • »
  • News
  • »
  • entertainment
  • »
  • বিজয়া দশমীৰ দিনা অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰৰ পৰিবেশ চাওক, ব্যতিক্ৰমী বৰষাই শ্বেয়াৰ কৰিলে এই ভিডিও...

বিজয়া দশমীৰ দিনা অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰৰ পৰিবেশ চাওক, ব্যতিক্ৰমী বৰষাই শ্বেয়াৰ কৰিলে এই ভিডিও...

আজি বিজয়া দশমী। ঠায়ে ঠায়ে চলি আছে দেৱী বিসৰ্জন প্ৰক্ৰিয়া।

আজি বিজয়া দশমী। ঠায়ে ঠায়ে চলি আছে দেৱী বিসৰ্জন প্ৰক্ৰিয়া।

আজি বিজয়া দশমী। ঠায়ে ঠায়ে চলি আছে দেৱী বিসৰ্জন প্ৰক্ৰিয়া।

  • Share this:
জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ উজান বজাৰস্থিত ঘৰত প্ৰতি বছৰে ওলহ মালহেৰে উদযাপন কৰা হয় দুৰ্গা পূজা। এইবাৰো নহয় ব্য়তিক্ৰম। বিজয়া দশমীৰ দিনাও অভিনেত্ৰী ঘৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতিৰে সকলো কাৰ্যসম্পাদন কৰা হৈছে।

বৰষাই শ্বেয়াৰ কৰিছে এক আকৰ্ষণীয় ভিডিও। তাৰকা অভিনেত্ৰীগৰাকীয়ে সকলোকে বিজয়া দশমীৰ শুভেচ্ছা দিয়াৰ লগতে পৰম্পৰা অনুসৰি পৰিয়ালৰ সকলোৱে ৰঙ লগাই আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে।


অভিনেত্ৰীগৰাকীৰ আজো ককাকৰ দিনৰে পৰা অবিৰতভাৱে এই দুৰ্গা পূজা ভাগৰ আয়োজন কৰি অহা হৈছে। ৯৬ বছৰ অতিক্ৰম কৰা মহানগৰীৰ এই পূজাই বহন কৰি আহিছে বিশেষ তাৎপৰ্ষ। ঘট পূজাৰে অভিনেত্ৰীগৰাকীৰ আজো ককাক স্বৰ্গীয় বৰদাকান্ত বিষয়াই আৰম্ভ কৰিছিল এই পূজা। তাৰ পাছত তেওঁৰ ককাক ক্ষীৰদাকান্ত বিষয়াই প্ৰতিমা আকাৰত পূজা আয়োজন কৰিলে।


অভিনেত্ৰীগৰাকীৰ বাসগৃহত আয়োজন কৰা এই পূজা হৈছে মহানগৰৰ প্ৰাচীনতম ব্যক্তিগত দুৰ্গা পূজা। বৰষাৰ পিতৃ তথা চলচিত্ৰ পৰিচালক অশোক কুমাৰ বিষয়া এতিয়া ধ্বজা বাহক, বিষয়া পৰিয়ালে ১৯ শতিকাৰ ৩০ দশকতে আৰম্ভ কৰা এই পূজা ভাগৰ।

Published by:Himangshu Bhuyan
First published: