বিকি কৌশল আৰু কেটৰিনা কাইফ (Vicky Kaushal and Katrina Kafi) বলীউডৰ আটাইতকৈ প্ৰিয় দম্পতি। যেতিয়াৰ পৰা দুয়োজন অভিনেতাবিবাহপাশত আৱদ্ধ হৈছে, তেওঁলোকে হৃদয়শাসন কৰি আহিছে আৰু সকলোৰে প্ৰিয় হৈ পৰিছে। অৱশ্যে, তেওঁৰ বিবাহৰ পিছত প্ৰথমবাৰৰ বাবে, বিকি কৌশলে (Vicky Kaushal) এতিয়া কেটৰিনা কাইফ (Katrina Kaif)ৰ বিষয়ে কথা পাতিছে আৰু তেওঁক প্ৰশংসা কৰিছে।
শেহতীয়াকৈ Hello Magazineৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিকি কৌশলে উল্লেখ কৰিছিল যে কেটৰিনাক জীৱন সংগী হিচাপে বিচাৰি পোৱাৰ বাবে তেওঁ কিমান সৌভাগ্যৱান! উৰি (Uri)ৰ অভিনেতাজনে কেটৰিনাক 'জ্ঞানী আৰু বুদ্ধিমান' বুলি অভিহিত কৰিছিল আৰু লগতে কৈছিল যে তেওঁ তেওঁৰ পত্নীৰ পৰা বহুত শিকিছে। "কেটৰিনাই মোৰ জীৱনৰ প্ৰতিটো দিশতে যথেষ্ট প্ৰভাৱ পেলাইছে। মই বহুত সৌভাগ্যৱান যে তাইৰ মাজত এজন জীৱন সংগী বিচাৰি পাইছোঁ, কিয়নো তাই এগৰাকী অত্যন্ত জ্ঞানী, বুদ্ধিমান আৰু সহানুভূতিশীল ব্যক্তি। মই তাইৰ পৰা প্ৰতিদিনে বহুত শিকিছোঁ," বিকিয়ে কৈছিল।
বিকি কৌশলে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত আলোচনীখনৰ কভাৰ ফটো শ্বেয়াৰ কৰিছিল।
বিকি কৌশল আৰু কেটৰিনা কাইফে ২০২১ চনৰ ডিচেম্বৰত ৰাজস্থানত বিবাহপাশত আৱদ্ধ হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|