কেটৰিনা কাইফ আৰু বিকি কৌশলে বিয়াৰ পিছৰে পৰা সুন্দৰ সুন্দৰ ফটো শ্বেয়াৰ কৰিছে। বিকি–কেটৰিনাই ৯ ডিচেম্বৰত ৰাজস্থানৰ ছৱাই মাধপুৰস্থিত ছিক্স ছেন্স ফ’ৰ্ট বড়ৱাৰাত নিজৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত বিবাহপাশত আবদ্ধ হয়। ৰাজকীয় বিয়া আৰু মালদ্বীপত হানিমুন ভেকেচনৰ পিছত দুয়ো মুম্বাইলৈ উভতি আহিছে। কোৱা হৈছে যে ৱৰ্ক কমিটমেণ্ট আৰু বিয়াৰ ৰিচেপচন পাৰ্টীৰ (Vicky Kaushal Katrina Kaif Reception) বাবে তেওঁলোকে হানিমুনৰ পৰা সোনকালে উভতি আহিছে।
বিকি কৌশল আৰু কেটৰিনা কাইফৰ এক ঘনিষ্ঠ সূত্ৰই বলীউদ লাইফক কয় যে বিকি আৰু কেটৰিনাই সম্পূৰ্ণ ছবি জগতৰ বাবে এক সুন্দৰ ৰিচেপচন পাৰ্টীৰ আয়োজন কৰিছে। ইমানেই নহয়, ইয়াৰ দিনো নিৰ্ধাৰণ কৰিছে। ২০ ডিচেম্বৰত নিজৰ বিয়াৰ ৰিচেপচন পাৰ্টী দিব তাৰকা যুটীয়ে। এই তাৰিখ নিৰ্বাচন কৰাৰ কেইবাটাও কাৰণ আছে। কোৱা হৈছে যে বিকি–কেটৰিনাই নিজৰ কামলৈ ওভতাৰ পূৰ্বে বিয়াৰ সকলো নিয়ম সম্পূৰ্ণ কৰিব বিচাৰিছে।
ছলমান খান আৰু ৰণবীৰ কাপুৰে পাইছে নিমন্ত্ৰণবৰদিন সমাগত, আৰু বিয়াৰ পিছত এই যুটীৰ এয়া হ’ব প্ৰথমটো উৎসৱ। সেয়ে কেটৰিনাই ইয়াৰ পূৰ্বে ৰিচেপচন পাৰ্টী (Vicky Kaushal Katrina Kaif Reception Date) দিব বিচাৰিছে। ৰিপ’ৰ্ট অনুসৰি, বিকি–কেটৰিনাৰ ৰিচেপচন পাৰ্টীত উপস্থিত থকাৰ বাবে অমিতাভ বচ্চন, ছলমান খান, আমিৰ খান, শ্বাহৰুখ খান আৰু ৰণবীৰ কাপুৰৰ দৰে বলীউদ তাৰকাই নিমন্ত্ৰণ লাভ কৰিছে।
ৰিচেপচন পাৰ্টীত উপস্থিত থাকিব এ–লিষ্টাৰ্ছ তাৰকাইমানেই নহয়, বিকি–কেটৰিনাৰ ৰিচেপচন পাৰ্টীত (Vicky Kaushal Katrina Kaif Reception Guest List) ঋত্বিক ৰোশন, কৰণ জোহৰ, অক্ষয় কুমাৰ, কংগনা ৰানাৱট, আলিয়া ভাট, অনুষ্কা শৰ্মা, অজয় দেৱগন, ঈশান খট্টৰ, মেঘনা গুলজাৰ, ৰোহিত শেট্টী, সিদ্ধাৰ্থ মালহোত্ৰা, তাপছী পন্নু আৰু অভিষেক বচ্চনসহ বলীউদৰ এ–লিষ্টাৰ্ছ তাৰকাসকল উপস্থিত থাকিব।
ৰিচেপচন পাৰ্টীত উপস্থিত থাকিবলৈ আৰটিপিচিআৰ টেষ্ট বাধ্যতামূলকমুম্বাইত বৰ্ধিত কোভিডৰ অমিক্ৰন ভেৰিয়েণ্টৰ প্ৰতি লক্ষ্য ৰাখি বিকি কৌশল আৰু কেটৰিনাই বিএমচিৰ দ্বাৰা নিৰ্ধাৰিত সকলো নিয়ম পালন কৰিব। ৰিচেপচন পাৰ্টীত উপস্থিত হ’বলগীয়া সকলো অতিথিয়ে নিজৰ আৰটিপিচিআৰ টেষ্ট কৰিব লাগিব আৰু ইয়াৰ নিগেটিভ ৰিপ’ৰ্ট আনিব লাগিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Sanjay Kumar Das
FIRST PUBLISHED : December 16, 2021, 08:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|