বলীউডৰ প্ৰেমিক যুগল কেটৰিনা কাইফ আৰু বিকি কৌশল (Katrina Kaif and Vicky Kaushal) এনে কেইটামান দম্পতীৰ মাজৰ এটা যি একেলগে কোনো চিনেমাত অভিনয় নকৰা স্বত্বেও প্ৰেমত পৰিছিল। কেটৰিনা আৰু বিকিয়ে আজিলৈ একেলগে এখনো চিনেমা কৰা নাই। কিন্তু দুয়োজনে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত অনুৰাগীসকলে বিকি আৰু কেটৰিনাক ওকোলগে পৰ্দাত চাবলৈ অধীৰ হৈ আছে। আৰু যদি শেহতীয়া বাতৰিবোৰক বিশ্বাস কৰা হয় তেন্তে সেই সুন্দৰ মুহূৰ্তটো অতি সোনকালে আহিব পাৰে। বলীউড হাঙ্গামাৰ মতে, ফাৰহান আখটাৰ (Farhan Akhtar)ৰ জী লে জাৰা (Jee Le Zaraa)ৰ নিৰ্মাতাসকলে কেটৰিনাৰ বিপৰীতে বিকিক কাষ্ট কৰাৰ কথা ভাবি আছে। ছবিখনত প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra), আলিয়া ভাট্ট (Alia Bhatt) আৰু কেটৰিনা কাইফে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
বলীউড হাঙ্গামাৰ দ্বাৰা উদ্ধৃত এক সূত্ৰৰ মতে, "ছবিখনত অভিনয় কৰিবলৈ বিকি কৌশলৰ কাষ চপাৰ সিদ্ধান্ত বিশুদ্ধ সোণৰ দৰে শুদ্ধ। যদি সেইটোৱেই হয় তেন্তে বিকি কৌশল আৰু কেটৰিনা কাইফে একেলগে অভিনয় কৰা প্ৰথম খন ছবি হ'ব জী লে জাৰা (Jee Le Zaraa)। এইটো খবৰটোৱেই এখন ছবিৰ প্ৰচাৰ অধিক সহজ কৰি তোলে।"
সূত্ৰটোৱে আকৌ কয়, "ফাৰহান আখটাৰে নিজকে কাষ্ট কৰাৰ লগতে এতিয়া বিকিকো ইয়াত লোৱা হৈছে যাৰ ফলত পুৰুষ মুখ্য চৰিত্ৰ মাত্ৰ এটা খালী হৈ আছে। এজন অভিনেতাক কাষ্ট কৰাটো তিনিজনক কৰাতকৈ বহুত সহজ আৰু সেইটোও তিনিগৰাকী মহিলা মুখ্য চৰিত্ৰৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰত।"
জী লে জাৰা ফাৰহান, তেওঁৰ ভগ্নী জয়া আখটাৰ (Zoya Akhtar) আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া সহযোগী ৰীমা কাগতি (Reema Kagti)ৰ দ্বাৰা লিখা হৈছে। ধাৰণা কৰা হযৈছে, এইখন এখন ৰোড ট্ৰিপৰ ওপৰত আধাৰিত এখন চিনেমা যিটো মোচন পোষ্টাৰৰ ঘোষণাৰ পৰাই ইংগিত পোৱা গৈছিল।
চিনেমাখনৰ মুক্তিৰ তাৰিখ আৰু অন্যান্য তথ্য এতিয়াও জানিব পৰা হোৱা নাই। ফাৰহান আৰু ৰীতেশ চিধৱানীৰ প্ৰযোজনা গৃহ এক্সেল এণ্টাৰটেইনমেণ্টেও শেহতীয়াকৈ ২০ বছৰ সম্পূৰ্ণ কৰিছে। ইয়াৰ পূৰ্বেও ফাৰহান আৰু জয়া দুয়োজনে সফল ৰোড ট্ৰিপক লৈ নিৰ্মাণ কৰা দিল চাহতা হে (২০০১) আৰু জিন্দেগী না মিলেগী দোবাৰা (২০১১) পৰিচালনা কৰিছিল। জী লে জাৰা ২০২৩ চনত মুক্তি পাব।
Published by: Manjumoni Borah
FIRST PUBLISHED : January 11, 2022, 18:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|