মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Katrina Kaif-Vicky Kaushal Return From Honeymoon: হনীমুনৰ পৰা উভতি আহিল কেটৰিনা আৰু বিকি, বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ'ল মুম্বাইত

Katrina Kaif-Vicky Kaushal Return From Honeymoon: হনীমুনৰ পৰা উভতি আহিল কেটৰিনা আৰু বিকি, বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ'ল মুম্বাইত

মুম্বাইত একেলগে কেটৰিনা কাইফ আৰু বিকি কৌশল

মুম্বাইত একেলগে কেটৰিনা কাইফ আৰু বিকি কৌশল

Katrina Kaif-Vicky Kaushal Return From Honeymoon: হনীমুনৰ পৰা উভতি আহি মুম্বাইত প্ৰথমবাৰৰ বাবে একেলগে দেখা দিলে কেটৰিনা কাইফ আৰু বিকি কৌশলে।

  • Share this:
হনীমুনৰ পৰা উভতি আহি মুম্বাইত প্ৰথমবাৰৰ বাবে একেলগে দেখা দিলে কেটৰিনা কাইফ আৰু বিকি কৌশলে (Katrina Kaif-Vicky Kaushal)। ৰাজস্থানত ৰাজকীয় ধৰণে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত কেটৰিনা কাইফ আৰু বিকি কৌশল মঙলবাৰে প্ৰথমবাৰৰ বাবে মুম্বাই (Katrina Kaif-Vicky Kaushal in Mumbai)ত উপস্থিত হয়। দুয়োজনে বিমানবন্দৰত প্ৰথমবাৰৰ বাবে একেলগে সংবাদমাধ্যমৰ মুখামুখি হয় আৰু একেলগে ফটোগ্ৰাফাৰৰ সন্মুখত আৰামেৰে পজ দিয়ে। বিয়াৰ আগতেও বিকি আৰু কেটৰিনাক কেইবাৰমান মুম্বাইত একেলগে দেখা গৈছিল, কিন্তু তেতিয়া তেওঁলোকে পজ দিবলৈ আগ্ৰহী নাছিল। আনকি বিয়াৰ বাবে মুম্বাইৰ পৰা জয়পুৰলৈও পৃথক বিমানত গৈছিল। আনকি বিয়ালৈকে দুয়োজনে মিডিয়াৰ আগত কোনো কথা বেকত কৰা নাছিল।

বিকিক ক্ৰীম ৰঙৰ পেণ্ট চাৰ্ট আৰু ৰাজস্থানী জোতা পিন্ধা দেখা গৈছিল আৰু কেটৰিনাই নৱবিবাহিতাৰ দৰে চুৰিদাৰ-চেলৱাৰ-কুৰ্তা পিন্ধি আছিল। কেটৰিনাৰ চুলি খোলা আৰু শিৰত সেন্দূৰ লৈ আছিল। দুয়োখন হাতত ৰঙা চুড়িৰ দীঘল শাৰী। কেটৰিনা আৰু বিকি (Katrina Kaif-Vicky Kaushal)য়ে ফটোগ্ৰাফাৰসকলৰ বাবে হাঁহিমুখে আনন্দমনে ফটোৰ বাবে পজ দিছিল। এই ছেগতে একাংশ অনুৰাগীয়ে দুয়োকে ফুলৰ থোপা উপহাৰ দিছিল।



উল্লেখ্য যে বিকি আৰু কেটৰিনা (Katrina Kaif-Vicky Kaushal Wedding)ৰ বিয়া ৭-৯ ডিচেম্বৰৰ পৰা চৱাই মাধোপুৰৰ ছিক্স চেঞ্চ ফৰ্ট বৰৱাৰাত হৈছিল। মেহেন্দি, হালধি আৰু সংগীত মহোৎসৱ তিনিদিন ধৰি চলিছিল। কেটৰিনা কাইফৰ মাক আৰু ছয়গৰাকী ভগ্নী আৰু ভাতৃ বিয়াখনত উপস্থিত আছিল। এই বিয়াতেই প্ৰথমবাৰৰ বাবে কেটৰিনা কাইফৰ গোটেই পৰিয়ালটোক ভাৰতত একেলগে দেখা গৈছিল। বিয়াখনত অভিনেত্ৰী শৰৱাৰী ৱাঘকে ধৰি দুয়োজনৰ ঘনিষ্ঠ বন্ধুসকলে অংশগ্ৰহণ কৰিছিল। শৰৱাৰীক বিকিৰ সৰু ভায়েক ছানী কৌশলৰ প্ৰেমিকা বুলি কোৱা হয়। তেওঁক পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ অনুষ্ঠানত দেখা গৈছিল।

বিয়া নোহোৱালৈকে দুয়োৰে সম্পৰ্কক লৈ চুপ হৈ থকা কেটৰিনা আৰু বিকিয়ে বিয়াৰ পিছত ছচিয়েল মিডিয়াৰ জৰিয়তে বহুতো ফটো শ্বেয়াৰ কৰিছিল। বিকি আৰু কেটৰিনাই ছবিবোৰত হাঁহি আছে। কেটৰিনা কাইফৰ মুখৰ উজ্জ্বলতাই দেখুৱাইছে যে তেওঁ এই বিয়াখনত কিমান সুখী।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি