ফেব্ৰুৱাৰী মাহটো আটাইতকৈ ৰোমাণ্টিক মাহ। এই মাহটোতে ৰ’জ ডে’, প্ৰপ’জ ডে’, চকলেট ডে’, হাগ ডে, প্ৰমিছ দে আদি পালন কৰে প্ৰেমিক–প্ৰেমিকাসকলে। ভেলেণ্টাইন সপ্তাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটো হৈছে ভেলেণ্টাইন ডে’।
আজি ভেলেণ্টাইনছ ডে’। প্ৰেমৰ এটা বিশেষ দিন। এই দিনটোত প্ৰেমিক যুগলে ইজনে আনজনক জনাই শুভকামনা। প্ৰিয়জনক দিয়ে পছন্দৰ উপহাৰ। এই দিনটো আনন্দৰে উদযাপন কৰে প্ৰেমিক–প্ৰেমিকাসকলে। সমগ্ৰ বিশ্বতে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ পালন কৰা হয়।
প্ৰেমিক–প্ৰেমিকাসকলৰ বাবে ভেলেণ্টাইনছ ডে’ খুবেই বিশেষ। মনৰ মানুহজন বা মানুহজনীৰ সৈতে এটা দিন উদযাপন কৰিবলৈ ১৪ ফেব্ৰুৱাৰীলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে।
ভেলেণ্টাইনছ ডে’ত কণ্ঠশিল্পী নীল আকাশেও নিজৰ ভেলেণ্টাইনক জনালে শুভকামনা। ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি জনপ্ৰিয় কণ্ঠশিল্পীজনে পত্নীক জনালে শুভেচ্ছা। ডুবাইৰ বুৰ্জ খালিফাৰ সন্মুখত পত্নীৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰিছে নীল আকাশে। কেপচনত কণ্ঠশিল্পীজনে লিখিছে, Happy Valentine's Day to my Love। তাৰ পিছতে নীল আকাশে দিছে লাভ ইম’জী। পত্নী নেন্সী ফুকন দাসক টেগ কৰি এই পোষ্টটো শ্বেয়াৰ কৰিছে নীল আকাশে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 14, 2023, 12:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।