• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Sophia Urista | viral video: মঞ্চত বস্ত্ৰ খুলি অনুৰাগীৰ সৈতে গায়িকাই কৰিলে এই কাণ্ড ! ভাইৰেল ভিডিঅ', সমালোচনাৰ ধুমুহা!

Sophia Urista | viral video: মঞ্চত বস্ত্ৰ খুলি অনুৰাগীৰ সৈতে গায়িকাই কৰিলে এই কাণ্ড ! ভাইৰেল ভিডিঅ', সমালোচনাৰ ধুমুহা!

Sophia Urista : অনুৰাগীৰ মুখত প্ৰস্ৰাব কৰাৰ ফল ভূগিছে গায়িকা ছফিয়া উৰিষ্টাই। ৰাজহুৱাকৈ ক্ষমা খুজি ঘটাৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি।

Sophia Urista : অনুৰাগীৰ মুখত প্ৰস্ৰাব কৰাৰ ফল ভূগিছে গায়িকা ছফিয়া উৰিষ্টাই। ৰাজহুৱাকৈ ক্ষমা খুজি ঘটাৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি।

Sophia Urista : অনুৰাগীৰ মুখত প্ৰস্ৰাব কৰাৰ ফল ভূগিছে গায়িকা ছফিয়া উৰিষ্টাই। ৰাজহুৱাকৈ ক্ষমা খুজি ঘটাৰ পুনৰাবৃত্তি নকৰাৰ প্ৰতিশ্ৰুতি।

  • Share this:
পৃথিৱীখন এনে এখন ঠাই য'ত কোনে কেতিয়া কি কৰিব তৰকিবই নোৱাৰি। মানুহ কেতিয়াবা ইমানেই আৱেগিক অথৱা উন্মাদ হৈ পৰে যে নকৰিবলগীয়া বহু কাম কৰি চিৰজীৱনলৈ বদনামী হৈ ৰ'ব লগীয়া হয়। বিখ্যাত আমেৰিকান বেণ্ড 'ব্ৰাছ এগেইনষ্ট' (Brass Against)ৰ মুখ্য গায়িকা ছফিয়া উৰিষ্টা (Sophia Urista)য়ো শেহতীয়াকৈএনে এটা অক্ষমণীয় কাণ্ড কৰিলে যাক লৈ সমগ্ৰ বিশ্ব হতভম্ব হৈ পৰিছে।

ঘটনাটো যোৱা সপ্তাহত ফ্লৰিডাত সংঘটিত হৈছিল। ছফিয়া উৰিষ্টা (Sophia Urista) নামৰ এইগৰাকী নায়িকাই  মঞ্চত গীত পৰিবেশন কৰি আছিল। তেওঁৰ অনুৰাগীৰ সংখ্যাও অগণন।  উৰিষ্টা আৰু তেওঁৰ দলটোৱে  গোটেই মঞ্চত উন্মত্তভাৱে এটাৰ পাছত এটা গীত পৰিবেশন কৰি গৈছিল। অনুৰাগীৰ হাততালি আৰু চিঞৰ-বাখৰেৰে চৌপাশ ভৰি পৰিছিল। সেই সময়তে চফিয়া উৰেষ্টাই উত্তেজনাৰ বশৱৰ্তী হৈ যি কাণ্ড কৰিলে সেয়া দেখি সমগ্ৰ দৰ্শক নজ্জানত তথা হতবাক হৈ পৰিছিল।



কি কৰিছিল ছফিয়াই?

Sophia Urista-ই মঞ্চত গান গাই থকাৰ মাজতে হঠাতে তেওঁৰ এজন অনুৰাগী মঞ্চত উঠিল। তেওঁক মঞ্চলৈ উঠি অহা দেখি উৰিষ্টা আগবাঢ়ি আহিল। কিন্তু অনুৰাগীজন মঞ্চতে শুই পৰে আৰু ঠিক তাৰ পিছত উৰিষ্টাই হঠাতে অনুৰাগীজনৰ মুখৰ ওপৰেৰে উঠি গ'ল। গায়িকাগৰাকীয়ে তেওঁৰ অনুৰাগীজনৰ মুখখন তেওঁৰ দুই ভৰিৰ মাজত ৰাখিছিল আৰু নিজৰ পেণ্ট খুলি প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। উৰিষ্টাই অনুৰাগীজনৰ মুখতে প্ৰস্ৰাৱ কৰি দিয়ে।



অনুৰাগীজনো ঘটনাটোত হতবাক হৈ পৰে। কিন্তু সেই সময়ত তেওঁৰ একো কৰিব লগীয়া নাছিল। ঘটনাটোৰ পিছত তেওঁ মঞ্চৰ পৰা আঁতৰি যায়। ঘটনাটো ঘটাৰ সময়ত  গায়িকাগৰাকী (Sophia Urista)ৰ মুখত বিন্দুমাত্ৰও তেওঁৰ এনে দুস্কাৰ্যৰ প্ৰতি ভ্ৰূক্ষেপ নাছিল। মঞ্চত তেওঁৰ দলটোৱেও দৃশ্যটো দেখি হতভম্ব হৈ পৰিছিল। ভিডিঅ'টো মুহূৰ্ততে  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।  গোটেই পৃথিৱীৰ পৰা অনুৰাগীসকলে গায়িকাগৰাকীৰ এনে আচৰণক ব্যাপকভাৱে সমালোচনা আৰু নিন্দা কৰিছে।



ঘটনাটোৰ পাছত ছফিয়া উৰিষ্টাক (Sophia Urista) সকলোৰে ওচৰত ক্ষমা বিচাৰি থকা দেখা গৈছিল। তেওঁ ক্ষমা বিচাৰি ছ'চিয়েল মিডিয়াত লিখিছিল, "সেইদিনা মঞ্চত মই অতি উত্তেজিত আছিলোঁ সেইবাবে মই এনে এটা ভুল কৰি পেলালোঁ। মোৰ আন কোনো বেয়া উদ্দেশ্য নাছিল। এইটো কেৱল অত্যধিক উত্তেজনাৰ বাবে হ'ল। ভৱিষ্যতে আমাৰ কোনো অনুষ্ঠানত এনে কাৰ্য্যৰ পুনৰাবৃত্তি নহ'ব। মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ।" তাৰ পিছতো কিন্তু এই পৰ্যন্ত ভিডিঅ'টো শ্বেয়াৰ হৈয়ে আছে।
Published by:Manjumoni Borah
First published: