বলীউদৰ আটাইতকৈ সুন্দৰী অভিনেত্ৰীৰ ভিতৰত এগৰাকী উৰ্বশী ৰৌতেলাই শেহতীয়াকৈ মিছ ইউনিভাৰ্ছ ২০২১ ইভেণ্টত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিল। এই ইভেণ্টত উৰ্বশীয়ে যিযোৰ পোছাক পিন্ধিছিল তাৰ দাম শুনিলে আপুনি আচৰিত হ’ব! এই পোছাকযোৰৰ দামেৰে সৰু চহৰত সহজতে ঘৰো কিনিব পাৰিব। উৰ্বশীয়ে নিজৰ এই লুকৰ কেতবোৰ ফটো শ্বেয়াৰ কৰিছে। (ফটো : INSTAGRAM/@URVASHIRAUTELA) মিছ ইউনিভাৰ্ছ ২০২১ত বিচাৰক হিচাপে অংশগ্ৰহণ কৰা উৰ্বশীৰ পোছাকে চৰ্চা লাভ কৰিছিল। এই উপলক্ষে ৪০ লাখ টকা দামৰ মাইকেল ছিনকোৱে ডিজাইন কৰা পোছাক পিন্ধিছিল উৰ্বশীয়ে। (ফটো : INSTAGRAM/@URVASHIRAUTELA) হাল্টৰ ডিপ নেক আৰু অফ ছ’লজাৰ ছিমৰী ব্লেক পোছাকত উৰ্বশীক সুন্দৰ লাগিছিল। (ফটো : INSTAGRAM/@URVASHIRAUTELA) উৰ্বশীৰ পোছাক খুবেই সুন্দৰ আছিল আৰু ব্যতিক্ৰমী আছিল। এই পোছাকত অভিনেত্ৰীগৰাকীক খুব গ্লেমাৰাছ লাগিছিল। এই পোছাকৰ সৈতে মেকআপো সুন্দৰ আছিল উৰ্বশীৰ। স্ম’কী ব্লেক আই লুক, গ্ল’ছী বেছ আৰু পিংক গ্ল’ছী লিপষ্টিকে উৰ্বশীৰ সৌন্দৰ্য আৰু উজলাই তুলিছিল। (ফটো : INSTAGRAM/@URVASHIRAUTELA) উৰ্বশীয়ে নিজৰ এই লুকৰ ফটো আৰু ভিডিঅ’ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই পোছাকৰ সৈতে উৰ্বশীয়ে হীৰাৰ আঙঠি আৰু হীৰাৰ ইয়েৰ ৰিং পিন্ধিছিল। (ফটো : INSTAGRAM/@URVASHIRAUTELA) উৰ্বশীৰ এই গ্লেমাৰাছ লুক অনুৰাগীয়ে খুব পছন্দ কৰিছে। (ফটো : INSTAGRAM/@URVASHIRAUTELA) উৰ্বশীক যিকোনো পোছাকতে সুন্দৰ লাগে। ইনষ্টাগ্ৰামত উৰ্বশীৰ বহু গ্লেমাৰাছ ফটো আছে, যিবোৰ দেখি সহজে অনুমান কৰিব পাৰি তেওঁৰ ফেশ্বন চেঞ্চৰ বিষয়ে। (ফটো : INSTAGRAM/@URVASHIRAUTELA) কামৰ কথা ক’বলৈ গ’লে উৰ্বশী ৰৌতেলাই এক বিগ বাজেটৰ ছায়েন্স ফিকচন তামিল ছবিৰ সৈতে নিজৰ তামিল ডেব্যু কৰিব। য’ত তেওঁ এঘৰাকী মাইক্ৰ’বায়’লজিষ্ট আৰু এগৰাকী আইআইটিয়ানৰ ভূমিকা পালন কৰিব। (ফটো : INSTAGRAM/@URVASHIRAUTELA) ইয়াৰ পিছত থ্ৰিলাৰ ফিল্মত দেখা যাব উৰ্বশীক। (ফটো : INSTAGRAM/@URVASHIRAUTELA) ইয়াৰ উপৰি, উৰ্বশী ৰৌতেলা, ৰণদীপ হুদাৰ সৈতে ৱেবছ ছিৰিজ ‘ইন্সপেক্টৰ অবিনাশ’ত অভিনয় কৰি আছে, যিখন ছুপাৰ কপ অবিনাশ মিশ্ৰৰ সঁচা কাহিনীৰ ওপৰত আধাৰিত। (ফটো : INSTAGRAM/@URVASHIRAUTELA)