মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »''পোছাকক লৈ মন্তব্য মা, ভগ্নী বা প্ৰেয়সীক দিব, মোক নহয়''– ফটো সাংবাদিকক লৈ উৰ্ফিৰ খং

''পোছাকক লৈ মন্তব্য মা, ভগ্নী বা প্ৰেয়সীক দিব, মোক নহয়''– ফটো সাংবাদিকক লৈ উৰ্ফিৰ খং

উৰ্ফিৰ আনদিনাৰ সাজ-পোছাকতকৈ এয়া ‘অলপ ভাল’ বুলি গণ্য কৰিছিল এগৰাকী ফটো সাংবাদিকে।

উৰ্ফিৰ আনদিনাৰ সাজ-পোছাকতকৈ এয়া ‘অলপ ভাল’ বুলি গণ্য কৰিছিল এগৰাকী ফটো সাংবাদিকে।

উৰ্ফিৰ আনদিনাৰ সাজ-পোছাকতকৈ এয়া ‘অলপ ভাল’ বুলি গণ্য কৰিছিল এগৰাকী ফটো সাংবাদিকে।

  • Share this:
সাজ-পোছাকৰ বাবে বাতৰিৰ শিৰোনামত থকা বলীউডৰ অভিনেত্ৰী উৰ্ফি জাভেদে নিজৰ সাজ–সজ্জাক লৈ কোনো মন্তব্য নিবিচাৰে। সমালোচকৰ মতে বাতৰিত থাকিবলৈ অদ্ভুত কাপোৰ পিন্ধা উৰ্ফীয়ে সাংবাদিকসকলক উদ্দেশ্যি এক অনুষ্ঠানত কয়, "ঘৰত থকা মা, ভগ্নী বা প্ৰেয়সীক কাপোৰৰ বিষয়ে পৰামৰ্শ দিয়ক, মোক ক'বলৈ নাহিব।"

'ঝলক দিখলা জা ১০'ৰ সংগীত মুক্তি অনুষ্ঠানত উপস্থিত আছিল উৰ্ফী। সচৰাচৰ পিন্ধাৰ দৰে তেৱোঁ পিন্ধিছিল ৰিভিলিং কাপোৰ। অলিভ ৰঙৰ চুটি হাতৰ পোছাকযোৰৰ শৰীৰৰ ওপৰৰ অংশ সীমিত আছিল। পিঠিখন সম্পূৰ্ণ খোলা আছিল। তথাপি উৰ্ফিৰ আনদিনাৰ সাজ-পোছাকতকৈ এয়া ‘অলপ ভাল’ বুলি গণ্য কৰিছিল এগৰাকী ফটো সাংবাদিকে। কিন্তু সেই কথা ৰাজহুৱাকৈ কোৱা শুনি মেজাজ গৰম হয় উৰ্ফীৰ।

মঞ্চত থিয় হৈ হাত জোকাৰি চিঞৰি উঠিল, "কাপোৰৰ কথা ক'বলগীয়া হ'লে প্ৰেমিকা বা ঘৰত থকা মা-ভগ্নীক কওক। আজিৰ পৰা মোৰ কাপোৰৰ ওপৰত কোনেও মন্তব্য নকৰে যেন।'' তেওঁ লগতে ভাবুকি দিয়ে উল্টা–পাল্টা প্ৰশ্ন কৰিলে ছবি তুলিব নিদিব পাৰে।




উল্লেখ্য, এসময়ত বিগ বছৰ প্ৰতিযোগী উৰ্ফীয়ে দুখনমান ছবিত অভিনয়ো কৰিছে যদিও তেওঁ বিখ্যাত তেওঁৰ অদ্ভুত কাপোৰৰ বাবেই। সদায় সেই কাৰণে সংবাদ মাধ্যমৰ মনোযোগৰ কেন্দ্ৰবিন্দুত থাকে তেওঁ।

শেহতীয়া বাতৰি