Sidharth Shukla Funeral : শ্বেহনাজ গিল সিদ্ধাৰ্থ শুক্লাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত, এই পৰ্য্যন্ত সিদ্ধাৰ্থ যে নাই সেই কথা বিশ্বাস কৰিব পৰা নাই। চাওক কৰুণ দৃশ্য...

শ্বেহনাজ গিল (Shehnaaz Gill) সিদ্ধাৰ্থ শুক্লাৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ওছিৱাৰা শ্মশানত উপস্থিত হয়। এই দুখৰ সময়ত শ্বেহনাজক ভায়েক শ্বাহবাজে চম্ভালি থকা দেখা গৈছে। ফটোবোৰত তেওঁৰ বেদনা স্পষ্টভাৱে ফুটি উঠিছে।

শ্বেহনাজৰ পিতৃয়ে জনাইছে যে শ্বেহনাজৰ অৱস্থা এতিয়াও যথেষ্ট শোচনীয়। শ্বেহনাজ বেয়াকৈ ভাগি পৰিছে। বাতৰি মতে সিদ্ধাৰ্থই শ্বেহনাজৰ কাষতে শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু সেইকাৰণে শ্বেহনাজে এই আঘাত সহ্য কৰিব পৰা নাই। সিদ্ধাৰ্থ শুক্লাৰ ঘনিষ্ঠ সূত্ৰ আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বাসগৃহলৈ যোৱা লোকসকলে কৈছিল যে শ্বেহনাজ গিল সংজ্ঞাহীন অৱস্থাত আছিল আৰু এই পৰ্য্যন্ত সিদ্ধাৰ্থ যে এই পৃথিৱীত নাই সেই কথা বিশ্বাস কৰিব পৰা নাই।