• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Raju Srivastava Health Update: সংক্ৰমণৰ বাবে ৰাজু শ্ৰীবাস্তৱৰ বাৰে বাৰে হৈছে জ্বৰ ...

Raju Srivastava Health Update: সংক্ৰমণৰ বাবে ৰাজু শ্ৰীবাস্তৱৰ বাৰে বাৰে হৈছে জ্বৰ ...

Photo-  Instagram @ajusrivastavaofficial

Photo- Instagram @ajusrivastavaofficial

কমেডিয়ান, অভিনেতা ৰাজু শ্ৰীবাস্তৱক (Raju Srivastava) লৈ আকৌ এবাৰ হতাশজনক খবৰ আহিছে। তেওঁৰ স্বাস্থ্য আপডেট ওলাইছে, য'ত কোৱা হৈছে যে তেওঁ তীব্ৰ জ্বৰত ভুগি আছে, বৃহস্পতিবাৰে ১০০ ডিগ্ৰী জ্বৰৰ পিছত, তেওঁক পুনৰ ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছে।

  • Share this:
কমেডিয়ান, অভিনেতা ৰাজু শ্ৰীবাস্তৱক (Raju Srivastava) লৈ আকৌ এবাৰ হতাশজনক খবৰ আহিছে। অভিনেতাজন দীৰ্ঘদিন ধৰি দিল্লীৰ এইমছত ভৰ্তি  হৈ আছে। শেহতীয়াকৈ, তেওঁৰ স্বাস্থ্য আপডেট ওলাইছে, য'ত কোৱা হৈছিল যে তেওঁ তীব্ৰ জ্বৰত ভুগি আছে, বৃহস্পতিবাৰে ১০০ ডিগ্ৰী জ্বৰৰ পিছত, তেওঁক পুনৰ ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছে। সূত্ৰ অনুসৰি, সংক্ৰমণৰ ফলত ৰাজু শ্ৰীবাস্তৱৰ সঘনাই জ্বৰ হৈছে। তেওঁক কিছু সময়ৰ বাবে ভেণ্টিলেটৰৰ পৰা আঁতৰাই দিয়া হৈছিল।

ৰাজু শ্ৰীবাস্তৱক প্ৰায় ২৪ দিন ধৰি এইমছ দিল্লীত ভৰ্তি কৰোৱা হৈছে। ইফালে, তেওঁ কেৱল এবাৰহে জ্ঞান ঘূৰাই পাইছিল আৰু সেয়াও কিছু সময়ৰ বাবে। ইয়াৰ মাজতে, তেওঁৰ অৱস্থাও উন্নত হ'বলৈ আৰম্ভ কৰিছিল, কিন্তু তাৰ পিছত সংক্ৰমণৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। সঘনাই জ্বৰ হৈছে, যাৰ ফলত তেওঁৰ স্বাস্থ্য প্ৰভাৱিত হৈছে। চিকিৎসকৰ দলটোৱে নিৰন্তৰ তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি