বিগ বছ ১৫ (Bigg Boss 15) এতিয়া অন্তিম পৰ্যায়ত। শ্ব’ত এতিয়া লাহে লাহে কম ভোটৰ আধাৰত প্ৰতিযোগী বাহিৰ ওলাই আছে। দেৱলীনা ভট্টাচাৰ্য (Devoleena Bhattacharjee) আৰু অভিজিত বিচকুলে শ্ব’ৰ পৰা বাহিৰ ওলাইছে। সোমবাৰে বিগ বছত ডাবল এভিকচন হয় য’ত দুই প্ৰতিযোগীয়ে বাহিৰলৈ আহিবলগীয়া হয়। বিগ বছৰ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ পিছত দেৱলীনা ভট্টাচাৰ্যই নিজৰ অনুৰাগীৰ সৈতে বাৰ্তালাপ কৰে আৰু বহু কথা কয়। তেওঁ ইনষ্টাগ্ৰামত এক লাইভ ছেছন কৰে।
শ্ব’ৰ মাজতে হৈছিল আঘাতপ্ৰাপ্ত
দেৱলীনাই লাইভ ছেছনত প্ৰকাশ কৰে যে তেওঁ শ্ব’ত এক টাস্কৰ সময়ত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। কিন্তু এতিয়া তেওঁৰ আঘাতৰ সমস্যা বাঢ়ি যোৱাৰ ফলত ছাৰ্জাৰী কৰাব লাগিব। দেৱলীনাই বিগ বছ ১৫ৰ সৈতে জড়িত অনুভৱো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে। তেওঁ কয় যে প’লৰ টাস্ক কৰাৰ সময়ত আঘাত পাইছিল আৰু তেওঁৰ এডাল নাৰ্ভ ক্ষতিগ্ৰস্ত হৈছে। এই কথা কৈ আৱেগিক হৈ পৰে দেৱলীনা।
দেৱলীনাই কয়, ‘‘মই আজি এমআৰআই কৰাইছো। মোৰ অৱস্থা খুব বেয়া। পৰি যোৱাৰ ফলত আঘাত পাইছো। মই বৃহস্পতিবাৰে হাস্পতালত ভৰ্তি হ’ম আৰু শুকুৰবাৰে মোৰ অপাৰেচন হ’ব। মই ইয়াৰ সৈতেও যুঁজিম। কিন্তু ইয়াক লৈ চিন্তাও হৈছে। মোক আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন। মই হাস্পতালত ভৰ্তি হোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিছিলো।
দেৱলীনাই কয় যে এয়া গুৰুতৰ ছাৰ্জাৰী হ’ব। তেওঁ কয়, ‘‘সময় বহুত বেয়া চলিছে। কিন্তু ইয়াতো কিবা এটা ভাল হ’ব মোৰ।’’ দেৱলীনাৰ এই কথা শুনি সকলোৱে সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে। অভিনেত্ৰীগৰাকীৰ এই লাইভ ছেছন ভাইৰেল হৈ পৰে।
দেৱলীনাই নিজৰ লাইভ ছেছনত বিগ বছ ১৫ৰ ওপৰতো মন্তব্য কৰে। তেওঁ কয় যে তেওঁ কেৱল শ্ব’ত এজন উইনাৰ দেখে আৰু সেয়া তেওঁৰ বাবে প্ৰতীক সহজপাল। তেওঁ কয় যে আগলৈও প্ৰতীকৰ সৈতে বন্ধুত্ব অক্ষুণ্ণ ৰাখিব। উল্লেখযোগ্য যে দেৱলীনাই ৰশ্মি দেশাইৰ সৈতে শ্ব’ত ৱাইল্ড কাৰ্ড এন্ট্ৰী কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|