বিখ্যাত কমেডিয়ান আৰু অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা সংকটজনক। তেওঁক দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (AIIMS) ICUত জীৱন সহায়ক প্ৰণালীত ৰখা হৈছে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, বুধবাৰে হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত ৫৮ বছৰীয়া শ্ৰীবাস্তৱক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত তেওঁ এঞ্জিওপ্লাষ্টি কৰাইছিল। ইফালে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্যৰ বিষয়ে তথ্য গ্ৰহণ কৰিছে। পিটিআইৰ মতে, ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা সংকটজনক আৰু তেওঁ আইচিইউত জীৱন সহায়ক প্ৰণালীত আছে। শ্ৰীবাস্তৱক ড০ নীতিশ নায়েকৰ তত্বাৱধানত চিকিৎসা কৰা হৈছে।
শ্ৰীবাস্তৱৰ সম্পৰ্কীয় ভাই অশোক শ্ৰীবাস্তৱে বুধবাৰে কৈছিল যে তেওঁ ব্যায়াম কৰোঁতে হৃদৰোগত আক্ৰান্ত হৈছিল। "তেওঁ নিয়মীয়াকৈ ব্যায়াম কৰি আছিল আৰু ট্ৰেডমিলত দৌৰি থাকোঁতে, তেওঁ হঠাতে বাগৰি পৰিছিল। শ্ৰীবাস্তৱৰ পত্নী শিখা শ্ৰীবাস্তৱো দিল্লীলৈ আহিছে যাতে তেওঁ তেওঁৰ স্বামীৰ সৈতে থাকিব পাৰে, অশোক শ্ৰীবাস্তৱে কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|