তলীউডৰ ৰাজকুমাৰ (Prince of Tollywood) আৰু তেলেগু ছবিজগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী অভিনেতা মহেশ বাবু (Mahesh Babu)ৰ আজি ৪৬ সংখ্যক জন্মদিন। নিশাৰ পৰাই জন্মদিনৰ শুভেচ্ছাৰ বৰষুণ হৈছে। দেশৰ অগণন অনুৰাগী আৰু ফেনছ উদ্বাউল হৈ পৰিছে প্ৰিয় অভিনেতাগৰাকীক ওপজা দিনৰ ওলগ জনাবলৈ। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে কেৱল মহেশ বাবুলৈ জনমদিনৰ শুভকামনাৰে উপচি পৰিছে। এইগৰাকী মহান অভিনেতা কেৱনল চিনেমাতেই হিৰো নহয়, ৰিয়েল লাইফতো এজন প্ৰকৃত হিৰো মহেশ বাবু। মহেশ বাবুৰ বিষয়ে সাধাৰণতে নজনা বহু কথা আছে।
দক্ষিণৰ একমাত্ৰ অভিনেতা মহেশ বাবু যি বিশ্বৰ টপ টেন আকৰ্ষণীয় অভিনেতা (World's Top10 Handsome Actors)ৰ তালিকাত নাম সন্নিষ্ট কৰিবলৈ সক্ষম হৈছে।
তেলেগু ফিল্ম উদ্যোগৰ একমাত্ৰ অভিনেতা যাৰ নাম ফৰ্বছ (Forbes)ৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতাৰ তালিকাত ৮ বাৰ অন্তৰ্ভূক্ত হৈছে।
এজন প্ৰকৃত মানৱ দৰদী লোক যি দুখন গাওঁ এডপ্ত কৰি চোৱা-চিতা কৰি আছে আৰু ১০১০জন হৃদ ৰোগীৰ অস্ত্ৰোপচাৰ কৰোৱাইছে। তেওঁ এটা দাতব্য ন্যাস পৰিচালনা কৰাৰ লগতে এটা নন প্ৰফিট বেচৰকাৰী সংস্থাও পৰিচালনা কৰে। নিজৰ বছৰেকীয়া উপাৰ্জনৰ ৩০ শতাংশৰো অধিক তেওঁ মানৱ সেৱাত খৰচ কৰে কিন্তু এনে ধৰণৰ কথাবোৰ নিজে কেতিয়াও ৰাজহুৱা নকৰে।
১৯৭৫ চনৰ ৯ আগষ্টত জন্মগ্ৰহণ কৰা মহেশ বাবুৱে ১৯৭৯ চনত ৪ বছৰ বয়সতে নীডা (Needa) নামৰ চিনেমাখনত শিশু অভিনেতাৰূপে চিনেমা জগতত ভুমুকি মাৰিছিল।
অভিনেত্ৰী নম্ৰতা শিৰোডকাৰ (Namrata Shirodkar)ৰ সৈতে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত বিবাহ পাশত আবদ্ধ হৈছিল মহেশ বাবু। তেওঁলোকৰ দুটি সন্তান আছে, পুত্ৰ গৌতম কৃষ্ণা আৰু কন্যা সন্তানটিৰ নাম ছিতাৰা।
দক্ষিণৰ অভিনেতা ৰূপে ৫ বাৰকৈ জয় কৰিছে ফিল্ম ফেয়াৰ বঁটা। আঠবাৰ নান্দী বঁটাৰে লন্মানিত হৈছে মহেশ বাবু।
মহেশ বাবুৰ পিতৃ আছিল তলীউডৰ বিখ্যাত অভিনেতা কৃষ্ণা ঘট্টামানেনি।
এজন নয়কৰূপে প্ৰথম প্ৰীতি জিণ্টা (Prity Zinta)ৰ সৈতে মহেশ বাবুৱে (Mahesh Babu) অভিনয় জীৱন আৰম্ভ কৰিছিল ১৯৯৯ চনত ৰাজা কুমাৰুড়ু (Raja Kumarudu) নামৰ ছবিখনৰ জৰিয়তে।
মহেশ বাবুৰ ছাৰিলেৰু নিকেভাৰু (Sarilerru Nikkevvaru) ছবিখনে বক্স অফিচত ১ হাজাৰ ৯৩১ কোটি (২.৬ বিলিয়ন ডলাৰ) টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।
২০২১ চনত অভিনেতা মহেশ বাবুৰ নেট সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ১৫০ কোটি। মাহিলী প্ৰায় ২ কোটি টকা ইনমাম কৰে মহেশ বাবুৱে আৰু প্ৰতিখন ছবিৰ বিনিময়ত মহেশ বাবুৱে পাৰিশ্ৰমিক লয় ২২ কোটি টকা। তদুপৰি প্ৰতিটো বিজ্ঞাপনৰ বাবে মহেশ বাবুৱে লয় ১ কোটিৰ অধিক টকা।
মহেশ বাবু গাড়ীৰ চৌখিন অভিনেতা । তেওঁৰ আছে ২ কোটি টকীয়া ৰেঞ্জ ৰোভাৰ ভগ (Range Rover Vogue), ৮৮ লাখ টকীয়া মাৰ্চিডিজ জিএলএছ ৩৫০ডি (Mercedez DLS350D), ১ কোটি ৪০ লাখ টকীয়া বিএমডব্লিউ ৭৫০এলডি (BMW 750LD), ডেৰ কোটি টকীয়া টয়োটা লেণ্ড ক্ৰুইজাৰ ভি৮ (Toyota Land Cruiser V8), ৫০ লাখ টকীয়া মাৰ্চিডিজ ই২৮০ (Mercedez E280), ১ কোটি ১০ লাখ টকীয়া মাৰ্চিডিজ জিএলএছ ৪৫০ (Mercedez GLS 450) আৰু সকলোকে চমক দিব পৰাকৈ আছে ৯ কোটি টকীয়া এখন ভেনিটী ভেন যি কিং খান শ্বাহৰুখ খানৰ কাৰাভান (Caravan)তকৈও বেছি দামী।
এইজন মহেশ বাবু অচিৰেই ৰাজামৌলীৰ সৈতে এক নতুন প্ৰজেক্টত কাম কৰিব বুলি জনা গৈছে। মহেশ বাবুলৈ ওপজা দিনৰ অশেষ শুভেচ্ছা।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 09, 2021, 10:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|