টলীউদৰ জনপ্ৰিয় অভিনেতা অভিষেক চেতাৰ্জীৰ মৃত্যু। বুধবাৰে নিশা শ্বুটিং চলি থকাৰ সময়তে অসুস্থ হৈ পৰে তেওঁ। তাৰ পিছত প্ৰিন্স আনোৱাৰ শ্বাহ ৰোডৰ ঘৰলৈ উভতি অহাৰ পিছত বুকুৰ বিষ আৰম্ভ হয়। কোনোমতে খাই–লৈ শুই থাকে অভিনেতাজন। বৃহস্পতিবাৰে পুৱা পৰিয়ালৰ লোকে তেওঁক নিথৰ অৱস্থাত প্ৰত্যক্ষ কৰে। হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ। পৰিয়ালৰ সূত্ৰই জনোৱা মতে, কিছুদিন পূৰ্বে শ্বাস–প্ৰশ্বাসজনিত সমস্যাই দেখা দিছিল অভিষেকৰ। সেই অৱস্থাৰেই শ্বুটিং কৰি আছিল তেওঁ।
নব্বৈৰ দশকৰ বাংলা চলচ্চিত্ৰ জগতৰ অন্যতম ব্যস্ত অভিনেতা আছিল তেওঁ। এটা সময়ত প্ৰসেনজিৎ চেতাৰ্জী, তাপস পালৰ সৈতে একেশাৰীত আছিল তেওঁৰ নাম। ১৯৬৪ চনত ৩০ এপ্ৰিলত অভিষেক চেতাৰ্জীৰ জন্ম হৈছিল। ১৯৮৬ চনত তৰুণ মজুমদাৰৰ ছবি ‘পথভোলা’ৰে ছবি জগতত খোজ পেলাইছিল। তেওঁৰ অভিনীত উল্লেখযোগ্য ছবিসমূহ হ’ল – ‘দহন’, ‘বাড়িৱালি’, ‘মধুৰ মিলন’, ‘মায়েৰ আঁচল’, ‘আলো’, ‘নীলাচলে কিৰীটি’ আদি। কেৱল ছবিতেই নহয়, সৰু পৰ্দাতো তেওঁ সমানে অভিনয় কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল।
বিগত কেইবাবছৰ ধৰি টেলিভিছনত অভিনয় কৰিছিল অভিষেকে। ‘ইচ্ছেনদী’, ‘পিতা’, ‘অন্দৰমহল’, ‘কুসুম দোলা’, ‘ফাগুন বউ’, ‘খড়কুটো’ৰ দৰে ছিৰিয়েলত অভিনয় কৰি দৰ্শকৰ মন মুহিছে অভিনেতাজনে। তেওঁৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে বাংলাৰ বিনোদন জগত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|