• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Nayanthara and Vignesh Shivan: বিয়া পাতিয়েই বিপদত পৰিল নয়নতৰা, তিৰুপতি মন্দিৰ কমিটীৰ নোটিচ

Nayanthara and Vignesh Shivan: বিয়া পাতিয়েই বিপদত পৰিল নয়নতৰা, তিৰুপতি মন্দিৰ কমিটীৰ নোটিচ

বিবাহপাশত আবদ্ধ হোৱাৰ পাছত নয়নতৰা আৰু ভিগনেশ শিৱনে (Nayanthara and Vignesh Shivan) আশীৰ্বাদ বিচাৰি অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি ভগৱান ভেংকটেশ্বৰ মন্দিৰ (Tirupati Lord Venkateswara Temple)ত উপস্থিত হয়। 

  • Share this:
অভিনেত্ৰী নয়নতৰা (Nayanthara) আৰু চলচ্চিত্ৰ নিৰ্মাতা ভিগনেশ শিৱনে (Vignesh Shivan) যোৱা ৯ জুনত এক স্বপ্নময় বিবাহ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। মহাবলীপুৰমৰ শ্বেৰাটন গ্ৰেণ্ডত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰজনীকান্ত (Rajinikanth), শ্বাহৰুখ খানৰ দৰে চেলিব্ৰিটিয়ে শোভা বঢ়াইছিল।

বিবাহপাশত আবদ্ধ হোৱাৰ পাছত নয়নতৰা আৰু ভিগনেশ শিৱনে (Nayanthara and Vignesh Shivan) আশীৰ্বাদ বিচাৰি অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি ভগৱান ভেংকটেশ্বৰ মন্দিৰ (Tirupati Lord Venkateswara Temple)ত উপস্থিত হয়। কিন্তু মন্দিৰটোলৈ যোৱাৰ পিছতে নৱ দম্পতী বিতৰ্কত সোমাই পৰে। খবৰ অনুসৰি পবিত্ৰ মন্দিৰৰ চৌহদৰ ভিতৰত জোতা পিন্ধি প্ৰবেশ কৰি নয়নতৰাই নিয়ম উলংঘা কৰিছিল।

সমগ্ৰ বিষয়টো সন্দৰ্ভত তিৰুমালা তিৰুপতি দেৱস্থানম ব’ৰ্ডৰ মুখ্য সতৰ্কতা সুৰক্ষা বিষয়া নৰসিংহ কিশোৰে সংবাদ মাধ্যমক সম্বোধন কৰে। কিশোৰৰ মতে, মন্দিৰ চৌহদত নয়নতৰাক জোতাপিন্ধি  খোজকাঢ়ি যোৱা দেখা গৈছিল। তেওঁ লগতে উল্লেখ কৰে যে দম্পতীয়ে নিজৰ ব্যক্তিগত ফটোগ্ৰাফাৰ আনি আন এক নিয়ম উলংঘা কৰিছিল।

ইফালে, ভিগনেশে তিৰুপতি মন্দিৰ (Tirupati temple)ৰ কৰ্তৃপক্ষলৈ পত্ৰ লিখি এই ভুল আচৰণৰ বাবে ক্ষমা বিচাৰিছে। উল্লেখ্য যে অনুৰাগীৰ ভিৰ পৰা ৰক্ষা পাবলৈ কৰা লৰা-ধপৰাৰ বাবেই এনে ভুল হোৱা বুলি ক্ষমা বিচাৰে ভিগনেশে। তেওঁ লগতে এইটোও লিখে যে তিৰুপতি মন্দিৰতে তেওঁলোকে বিয়া পতাৰ পৰিকল্পনা কৰিছিল আৰু সেই বাবে বিগত কিছুদিনত পাঁচবাৰতকৈও অধিক তিৰুপতি মন্দিৰলৈ অহা-যোৱা কৰিছিল। অৱশ্যে বিশেষ কাৰণত সেইয়া সম্ভৱ মহ'ল।
Published by:Manjumoni Borah
First published: