ৰঙা ৰঙৰ পোছাক পিন্ধা যুৱতীগৰাকী। ইনষ্টাগ্ৰামত প্ৰায়ে ভিডিও আপলোড কৰে যুৱতীগৰাকীয়ে। কিছুদিন পূৰ্বে কেচা বাদাম গীতত আকৰ্ষণীয় ভংগীমাৰে নৃত্য কৰি ইণ্টাৰনেটত ধুমুহাৰৰ গতিত ভাইৰেল হৈছিল যুৱতীগৰাকী। আৰু এই যুৱতীগৰাকীৰ নামেই হল অঞ্জলী আৰোৰা। ছচিয়েল মিডিয়াত অঞ্জলীৰ আছে ১০ মিলিয়নৰো অধিক ফলোৱাৰ্ছ।
শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈছে অঞ্জলীৰ আন এটা ভিডিও। ভিডিওটো ইতিমধ্যে ৭ লাখৰো অধিক লোকে চাইছে। শ্বেয়াৰ কৰা ভিডিওটোত বহুতে কৰিছে বিভিন্ন ধৰণৰ কমেণ্ট।
পূৰ্বে টিকটকতো অত্যন্ত জনপ্ৰিয় আছিল অঞ্জলী আৰোৰা। টিকটক বন্ধ হৈ যোৱাৰ পিছত ইনষ্টাগ্ৰাম ৰীল ভিডিও প্ৰস্তুত কৰি লাভ কৰিছে ব্যাপক জনপ্ৰিয়তা। নিজৰ আকৰ্ষণীয় নৃত্যৰ লগতে সৌন্দৰ্যৰে সকলোকে মোহিত কৰি আহিছে অঞ্জলীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|