এইকেইটা দিন ছ'চিয়েল মিডিয়াত বলীউডৰ তাৰকাসকলৰ এনে কিছুমান ছবি ভাইৰেল হৈ আছে, যাক চিনাক্ত কৰাটো একপ্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে। বেছিভাগ ফটো বলীউডৰ তাৰকাসকলৰ শৈশৱৰ, যাক চিনাক্ত কৰাটো অনুৰাগীৰ বাবে টান ( (Actress Childhood Photo)। আকৌ এবাৰ এগৰাকী অভিনেত্ৰীৰ শৈশৱৰ ফটো ইণ্টাৰনেটত প্ৰকাশ পাইছে, যাক মানুহে চিনাক্ত কৰিবলৈ টান পাইছে। ভাইৰেল হৈ থকা ফটোখনত দেখা গৈছে ভায়েকৰ সৈতে ঘূৰণীয়া মুখৰ মৰমলগা কেঁচুৱা ছোৱালী এজনী। ইমান মৰমলগা এই শিশুটি এতিয়া বলীউডৰ এগৰাকী সফল অভিনেত্ৰী। আপুনি ক'ব পাৰিবনে এই শিশুটো কোন?
যদি আপুনি এতিয়াও ইয়াক চিনাক্ত কৰিব পৰা নাই, তেন্তে জানি লওক যে এয়া বলীউডৰ ৰাণী মুখাৰ্জীৰ বাহিৰে আন কোনো নহয় (Rani Mukerji Childhood Photo)। তেওঁক দেখা গৈছে ভাতৃৰ সৈতে। ৰাণী মুখাৰ্জী চলচ্চিত্ৰ উদ্যোগৰ সেই অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী, যি তেওঁৰ অভিনয়ৰ উপৰি তেওঁৰ মৰম লগা মাতৰ বাবেও জনাজাত। ব্যক্তিগত জীৱনৰ কথা ক'লে, ৰাণী মুখাৰ্জীয়ে আদিত্য চোপ্ৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ আদিৰা নামৰ এজনী মৰমলগা ছোৱালীও আছে। ৰাণীক অলপতে চেইফ আলী খান, সিদ্ধান্ত চতুৰ্বেদী আৰু শৰৱৰী ৱাঘৰ সৈতে বাণ্টি ঔৰ বাবলি ২ত দেখা গৈছিল। আগন্তুক দিনত, ৰাণী মুখাৰ্জীক মৰ্দানি ৩-ত দেখা যাব।
Published by: Gautam Barman
FIRST PUBLISHED : February 09, 2022, 22:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।