মুক্তিৰ ১০দিনৰ পিছতো ছবিগৃহত দৰ্শকৰ ভিৰ কমা নাই। কাশ্মিৰী পণ্ডিতৰ ওপৰত হোৱা নিৰ্যাতনৰ জীয়া ছবিক প্ৰতিফলিত কৰা বিবেক অগ্নিহোত্ৰীৰ বহুচৰ্চিত ছবি The Kashmir Files বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। পূৰ্বৰ বহু অভিলেখ ভংগ কৰা ছবিখনৰ শুভমুক্তিৰ দিনাই প্ৰায় ১৩ কোটি টকাৰ ব্যৱসায় কৰিছিল। সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ছবিখন চাবলৈ উদগ্ৰীৱ হৈ পৰিছে বহুজন। কিন্তু প্ৰতিটো চিনেমা হলতে হাউছফুল হোৱা ছবিখন চোৱাৰ পৰা বঞ্চিত লোকসকলৰ বাবে আছে এটা ভাল খবৰ। কাৰণ আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে ছবিগৃহলৈ নোযোৱাকৈয়ে আপোনাৰ স্মাৰ্ট ফোনতে উপভোগ কৰিব পাৰিব জনপ্ৰিয় ছবিখন।
সকলো ঠিকে থাকিলে অতি শীঘ্ৰেই Zee5 নামৰ OTT প্লেটফৰ্মত মুক্তিলাভ কৰিব ‘দ্য কাশ্মীৰ ফাইলছে’। প্ৰথম অৱস্থাত ৪ সপ্তাহৰ ভিতৰতে ‘দ্য কাশ্মীৰ ফাইলছ’ Zee5ত ৰিলিজ কৰাৰ কথা আছিল যদিও ছবিগৃহত দৰ্শকৰ বিপুল সমাগমৰ বাবে এয়া সম্ভৱ হৈ নুঠিবও পাৰে। কিন্তু জি নেটৱৰ্কে OTTৰ লগতে টেলিভিছনতো ছবিখনৰ সম্প্ৰচাৰ কৰাৰ বাবেও যো-জা চলাইছে। মুঠতে আৰু দুই-তিনি সপ্তাহৰ পিছতে OTTপ্লেটফৰ্মত ‘দ্য কাশ্মীৰ ফাইলছে’ মুক্তিলাভ কৰাটো প্ৰায় নিশ্চিত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 21, 2022, 08:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।