বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত, 'দ্য কাশ্মীৰ ফাইলছ'-এ বক্স অফিচত অকল্পনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। ছবিখনে প্ৰথম সপ্তাহতে বক্স অফিচৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। প্ৰভাসৰ ৰাধে শ্যাম আৰু আলিয়া ভাট্টৰ গংগুবাঈ কাঠিয়াৱাড়ীৰ দৰে ডাঙৰ ছবিয়েও ৰুধিব পৰা নাই কাশ্মীৰ ফাইলছক।
'দ্য কাশ্মীৰ ফাইলচ' চাবলৈ দৰ্শকৰ ভিৰ ছবিগৃহত পৰিলক্ষিত হৈছে। ১১ মাৰ্চত মুক্তি লাভ কৰা 'দ্য কাশ্মীৰ ফাইলছ' ১৯৯০ চনত কাশ্মীৰ বিদ্ৰোহৰ সময়ত কাশ্মীৰী হিন্দুসকলৰ গণহত্যাৰ ওপৰত আধাৰিত। ছবিখনত অনুপম খেৰ, দৰ্শন কুমাৰ, মিথুন চক্ৰৱৰ্তী আৰু পল্লৱী যোশীয়ে অভিনয় কৰিছে।
১০০ কোটিৰ ক্লাবত প্ৰৱেশৰ বাবে গতি কৰা কাশ্মীৰ ফাইলছে পঞ্চম দিনা বিশ্বব্যাপী বক্স অফিচত ১৮ কোটি টকা উপাৰ্জন কৰিছে। প্ৰাথমিক খবৰ অনুসৰি, ছবিখনে ষষ্ঠ দিনা ১৯.৩০ কোটি টকা উপাৰ্জন কৰিছে। অৰ্থাৎ ছবিখনে মুঠ বক্স অফিচত সংগ্ৰহ কৰিছে ৭৯.৫০ কোটি।
বিবেক অগ্নিহোত্ৰীৰ চলচ্চিত্ৰখনৰ দ্বিতীয় সপ্তাহৰ সংগ্ৰহ এই সপ্তাহত ছবিখনৰ উপাৰ্জনতকৈ অধিক হ'ব বুলি আশা কৰা হৈছে। আমি নিশ্চিত যে, ই সোনকালেই ১০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিব। সকলোৰে চকু এতিয়া হোলীৰ বন্ধ আৰু মুক্তিৰ পিছত দ্বিতীয় সপ্তাহত আছে।
দ্যে ৱাইজ কালেকশ্যনঃপ্ৰথম দিন- ৩.৫৫ কোটি টকা।
দ্বিতীয় দিন- ৮.৫ কোটি টকা।
তৃতীয় দিন- ১৫.১ কোটি টকা।
চতুৰ্থ দিন- ১৫.০৫ কোটি টকা।
পঞ্চম দিন- ১৭.৮০ কোটি টকা।
ষষ্ঠ দিন- ১৯.৩০ কোটি টকা।
সৰ্বমুঠ- ৭৯.৫০
বক্স অফিচত 'দ্য কাশ্মীৰ ফাইলছ'ৰ সফলতাক ৰেকৰ্ড-ব্ৰেকিং বুলি গণ্য কৰিব পাৰি। ৩.৫৫ কোটিৰে আৰম্ভ কৰা ছবিখনে মুক্তিৰ তৃতীয়টো দিনৰ পৰা ব্যাপক গ্ৰুথ দেখুৱাইছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 17, 2022, 12:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।