আমীৰ খানৰ ''তাৰে জমিন পৰ''ৰ কথা মনত আছে নিশ্চয় আপোনাৰ। এখন জনপ্ৰিয় চলচ্চিত্ৰ আছিল এইখন। চলচ্চিত্ৰখনৰ বিষয়বস্তু ইমানেই আকৰ্ষণীয় আছিল যে ই সকলোধৰণৰ দৰ্শককে স্পৰ্শ কৰিছিল।
এনে এটা বিষয়ৰ ওপৰত চলচ্চিত্ৰখন (Taare Zameen Par) নিৰ্মাণ কৰা হৈছিল, যাক মানুহে সাধাৰণতে উপেক্ষা কৰে বা বুজি নাপায়। চলচ্চিত্ৰখনত শিশু ঈশানৰ চৰিত্ৰত অভিনয় কৰিছিল দৰ্শিল চাফাৰীয়ে। চলচ্চিত্ৰখনত তেওঁ ডিচলেক্সিয়া নামৰ ৰোগত আক্ৰান্ত এটি শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল।
১৪ বছৰ আগতে মুকলি হোৱা এই চলচ্চিত্ৰখনৰ শিশু ঈশান সময়ৰ লগে লগে ইমান সলনি হৈছে যে তেওঁক চিনাক্ত কৰাটো এতিয়া কঠিন।
অলপতে দৰ্শিলে তেওঁৰ ফটো শ্বেয়াৰ কৰে। শিশু দৰ্শিল (Darsheel Safary) আৰু আজিৰ দৰ্শিলক চিনিব পৰা সঁচাকৈ টান হৈ পৰে অনুৰাগীৰ বাবে। ফটোখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। অনুৰাগীসকলে দৰ্শিলৰ ফটো দেখি আশ্চৰ্য প্ৰকাশ কৰে।
View this post on Instagram
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|