• Home
  • »
  • News
  • »
  • entertainment
  • »
  • 'শ্বাহৰুখৰ বাবেই প্ৰেম কৰা হোৱা নাছিল'! এনে কি ক'লে স্বৰা ভাস্কৰে? সামাজিক মাধ্যমত চৰ্চা

'শ্বাহৰুখৰ বাবেই প্ৰেম কৰা হোৱা নাছিল'! এনে কি ক'লে স্বৰা ভাস্কৰে? সামাজিক মাধ্যমত চৰ্চা

'শ্বাহৰুখৰ বাবেই প্ৰেম কৰা হোৱা নাছিল'! এনে কি ক'লে স্বৰা ভাস্কৰে?

'শ্বাহৰুখৰ বাবেই প্ৰেম কৰা হোৱা নাছিল'! এনে কি ক'লে স্বৰা ভাস্কৰে?

৩৪ বছৰীয়া এইগৰাকী অভিনেত্ৰী এতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাই। এনে প্ৰেম কাহিনী তেওঁৰ বিষয়ে প্ৰায়ে শুনা নাযায়, কিন্তু প্ৰেমৰ বিষয়ে সোধাত স্বৰাই প্ৰত্যক্ষভাৱে আদিত্য চোপ্ৰা আৰু শ্বাহৰুখ খানক দোষাৰোপ কৰে।

  • Share this:
প্ৰেমত আঘাত পাইছে বলিউডৰ বহু তাৰকাই, অৱশ্যে সকলোৰে সন্মুখত কাৰোবাৰ বাবে জীৱন নষ্ট হৈছে বুলি সাধাৰণতে কোনেও কোৱা নাই। কিন্তু শেহতীয়াকৈ শ্বাহৰুখ খানৰ বিষয়ে স্বৰা ভাস্কৰে এনে এটা মন্তব্য কৰিছে। শ্বাহৰুখ খান আৰু আদিত্য চোপ্ৰাৰ বাবেই তেওঁৰ জীৱনত প্ৰেম নাহিল বুলি কয় স্বৰাই। তেওঁৰ এই মন্তব্যই ইতিমধ্যে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে।

৩৪ বছৰীয়া এইগৰাকী অভিনেত্ৰী এতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাই। এনে প্ৰেম কাহিনী তেওঁৰ বিষয়ে প্ৰায়ে শুনা নাযায়, কিন্তু প্ৰেমৰ বিষয়ে সোধাত স্বৰাই প্ৰত্যক্ষভাৱে আদিত্য চোপ্ৰা আৰু শ্বাহৰুখ খানক দোষাৰোপ কৰে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত স্বৰাই কয় যে আদিত্য চোপ্ৰা ছাৰ আৰু শ্বাহৰুখ খানে মোৰ প্ৰেম জীৱন নষ্ট কৰি পেলালে। স্বৰাই লগতে কয়, ‘দিলৱালে দুলহানিয়া’ তেওঁৰ জীৱনত চোৱা শ্ৰেষ্ঠ ছবি। 'দিলৱালে দুলহানিয়াৰ ‘ৰাজ’ৰ বাবে অপেক্ষা কৰি থাকোঁতে তেওঁৰ জীৱনত কেতিয়াও মৰম নাহিল। ৰাজক এটা কাল্পনিক চৰিত্ৰ বুলি বিশ্বাস কৰিবলৈ স্বৰাক বহু সময় লাগিল। গতিকে ৰাজক বিচাৰি থাকোঁতে তেওঁৰ আৰু ভালপোৱা নহ’ল। স্বৰাই কয় যে তেওঁ সম্পৰ্ক ৰক্ষাত বৰ ভাল মানুহ নহয় লগতে তেওঁ কয় যে তেওঁৰ প্ৰেমৰ প্ৰতি এতিয়া আৰু আগ্ৰহ নাই।

শেহতীয়াকৈ মুক্তি লাভ কৰা ‘জাহান চাৰ য়াৰ’ ছবিখন ছবিখনৰ প্ৰচাৰত স্বৰাই নিজৰ প্ৰেম জীৱনৰ বিষয়ে মুকলিকৈ কয়। ছবিখনৰ প্ৰযোজনা কৰিছে ‘বীৰ দি ৱেডিং’ ছবিৰ কমল পাণ্ডেই আৰু ‘জাহান চাৰ য়াৰ’ ছবিখন সম্পূৰ্ণ পৃথক বুলি অভিনেত্ৰী গৰাকীয়ে কয়।

নাৰীৰ স্বাধীনতা আৰু অধিকাৰৰ বিষয়ে সদায় কণ্ঠস্বৰ ইয়াৰ পূৰ্বেও কেইবাটাও বিষয়ত তেওঁক সমালোচনা কৰা হৈছিল। ১৬ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ‘জাহান চাৰ য়াৰ’, ইয়াৰ পূৰ্বে স্বৰাক দেখা গৈছিল ‘বীৰ দি ৱেডিং’ত। শিখা তালছানিয়াকো এই ছবিখনত স্বৰাৰ সৈতে দেখা যাব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি