মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »এইবাৰ হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ'ব স্বৰা ভাস্কৰ-ফাহাদ আহমেদ; ব্যতিক্ৰমী শৈলীৰে তৈয়াৰী নিমন্ত্ৰণী পত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

এইবাৰ হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ'ব স্বৰা ভাস্কৰ-ফাহাদ আহমেদ; ব্যতিক্ৰমী শৈলীৰে তৈয়াৰী নিমন্ত্ৰণী পত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

এই হিংসাত্মক পৰিৱেশৰ মাজত ভালপোৱাৰ গভীৰতা আৰু প্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ চেষ্টাৰে অভিনেত্ৰীগৰাকীয়ে এনে ধৰণৰ বিশেষ বিবাহ নিমন্ত্ৰণী পত্ৰ ছপা কৰি উলিয়াইছে।

এই হিংসাত্মক পৰিৱেশৰ মাজত ভালপোৱাৰ গভীৰতা আৰু প্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ চেষ্টাৰে অভিনেত্ৰীগৰাকীয়ে এনে ধৰণৰ বিশেষ বিবাহ নিমন্ত্ৰণী পত্ৰ ছপা কৰি উলিয়াইছে।

এই হিংসাত্মক পৰিৱেশৰ মাজত ভালপোৱাৰ গভীৰতা আৰু প্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ চেষ্টাৰে অভিনেত্ৰীগৰাকীয়ে এনে ধৰণৰ বিশেষ বিবাহ নিমন্ত্ৰণী পত্ৰ ছপা কৰি উলিয়াইছে।

  • Share this:
হিন্দু ৰীতি–নাতিৰে বিবাহপাশত আৱদ্ধ হ’ব স্বৰা ভাস্কৰ। বিগত ১৬ ফেব্ৰুৱাৰীত স্বৰাই দীৰ্ঘদিনীয়া প্ৰেমিক ফাহাদ আহমেদৰ সৈতে আইনী বিবাহ সম্পন্ন কৰিছিল। এতিয়া ফাকুৱা উত্‍সৱৰ পিছত দুয়োৱে দিল্লীত তেওঁলোকৰ সামাজিক বিবাহ হিন্দু ৰীতি–নাতিৰে সম্পন্ন কৰিব আৰু বিবাহৰ নিমন্ত্ৰণী পত্ৰ ছপা হৈছে। কিন্তু এই নিমন্ত্ৰণী পত্ৰ কিছু ব্যতিক্ৰম। কাৰণ কাৰ্ডখনত দৰা, কইনাই খিৰিকীৰে বিল্ডিঙৰ তললৈ চাই থকা এনিমেটেড ফটো আছে আৰু তলত বহু লোকে প্লে কাৰ্ড লৈ ৰৈ থকা ছবি আছে। এই কাৰ্ডখনত বিভিন্ন শব্দ যেনে ‘আমি ভাৰতীয় লোক’, ‘ভালপোৱা’, ‘ইলক্লাব জিন্দাবাদ’, ‘আমি সকলো এক’ ইত্যাদি লিখা আছে। ভাৰতৰ মেপ, মহাত্মা গান্ধীৰ ফটো, ধৰ্ণা দি থকা বিভিন্ন লোক আৰু এইবোৰৰ পৰা দূৰৈৰ এটা বিলবোৰ্ডত শ্বাহৰুখ খান আৰু কাজলৰ ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ চলচিত্ৰৰ এটা পোজ দিয়া ফটো আছে।

এই নিমন্ত্ৰণী পত্ৰত স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদৰ ভালপোৱা প্ৰতিফলিত কৰিবলৈ শ্বাহৰুখ আৰু কাজলৰ ৰোমান্টিক ছবিৰ এক মুহূৰ্তৰ পোষ্টাৰো সন্নিবিষ্ট কৰা হৈছে। স্বৰা এগৰাকী হিন্দু ধৰ্মৰ যুৱতী আৰু তেওঁ মুছলমান ধৰ্মৰ ফাহাদৰ সৈতে বিবাহ কৰাৰ বাবে তেওঁক বিভিন্নজনে ঘৃণা আৰু কটু বাক্য সামাজিক মাধ্যমৰ জৰিয়তে কোৱা পৰিলক্ষিত হৈছে। এই হিংসাত্মক পৰিৱেশৰ মাজত ভালপোৱাৰ গভীৰতা আৰু প্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ চেষ্টাৰে অভিনেত্ৰীগৰাকীয়ে এনে ধৰণৰ বিশেষ বিবাহ নিমন্ত্ৰণী পত্ৰ ছপা কৰি উলিয়াইছে।

নিমন্ত্ৰণী পত্ৰত লিখা হৈছে, ‘‘কেতিয়াবা আপুনি দূৰদূৰণিলৈ কিবা এটা অনুসন্ধান কৰে যি আপোনাৰ কাষত আগৰে পৰাই আছে। আমি প্ৰেম বিচাৰি আছিলো, কিন্তু প্ৰথমে বন্ধুত্ব বিচাৰি পাইছিলো। এইটো এটা নাগৰিক প্ৰতিবাদত আৰম্ভ হৈছিল (কিন্তু অৱশ্যে!), ই দেশৰ প্ৰতিটো ৰাজনৈতিক বিকাশৰ সৈতে বৃদ্ধি পাইছিল, যেতিয়ালৈকে আমি প্ৰত্যেকেই এই কাৰণটোৰ আঁৰৰ ব্যক্তিজনক বিচাৰি পাইছিলোঁ। অন্ধকাৰৰ সময়ত আমি পোহৰ পাইছিলো আৰু নতুন দৃষ্টিৰে ইজনে সিজনক চাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া এইটো এজাক বতাহ আহিছিল। ঘৃণাৰ সময়ত আমি প্ৰেম পাইছিলো। হয়, উদ্বেগ আৰু অনিশ্চয়তা আৰু ভয় আছিল। কিন্তু বিশ্বাস আৰু আশা আছে।’’

উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে সমাজবাদী পাৰ্টিৰ নেতা ফাহাদ আহমেদৰ সৈতে ফেব্ৰুৱাৰীত আইনী প্ৰক্ৰিয়াৰে বিবাহপাশত আৱদ্ধ হৈছিল। এই কথা সামাজিক মাধ্যমত শীঘ্ৰেই বিয়পি পৰিছিল আৰু বিভিন্নজনে শুভেচ্ছা দিয়াৰ উপৰিও একাংশ লোকে এই বিবাহক বিভিন্ন বেয়া মন্তব্য কৰিছিল। স্বৰা আৰু ফাহাদৰ বিবাহৰ ফটোত কোনোবাই ‘লাভ জিহাদ’, কোনোবাই স্বৰাৰ চৰিত্ৰক লৈও বেয়া তথা ঘৃণনীয় মন্তব্য কৰিছিল। স্বৰা এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও CAA আন্দোলনকে আদি কৰি বিভিন্ন বিষয়ত চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছে। ইয়াৰ বাবে তেওঁ বিভিন্ন হিংসাত্মক ভাষ্যৰ সন্মুখীন হ’ব লগা হৈছে। এই সকলো ঋণাত্মক দিশক ধনাত্মক মানসিকতাৰে প্ৰত্যুত্তৰ দিয়াৰ উদ্দেশ্যৰে স্বৰা আৰু ফাহাদে এনে ধৰণৰ এক বিৰূপ নিমন্ত্ৰণী পত্ৰ ছপা কৰি উলিয়াইছে।

শেহতীয়া বাতৰি