সুস্মিতা সেন অতীতত ৰোহমান শালৰ সৈতে তেওঁৰ বিচ্ছেদৰ বাবে বাতৰিত আছিল। এতিয়া ব্যৱসায়ী ললিত মোডীৰ এটা টুইট শিৰোনামলৈ আহিছে, অনুৰাগীসকলে ভাবিছে যে সুস্মিতা সেন ললিত মোডীৰ সৈতে বিয়া হৈছে নেকি? ললিত মোডীয়ে বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে নিজৰ কিছুমান ফটো ছচিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে, যাৰ সৈতে তেওঁ সুস্মিতাক তেওঁৰ পত্নী বুলি সম্বোধন কৰিছে। ছ'চিয়েল মিডিয়াত ললিত মোডীয়ে শ্বেয়াৰ কৰা ফটো আৰু টুইটবোৰ এতিয়া ভাইৰেল হৈ পৰিছে।
ব্যৱহাৰকাৰীসকলে ললিত মোডীৰ টুইটটো দেখি অনুমান কৰিবলৈ আৰম্ভ কৰিছিল যে 'আৰ্য' তাৰকাগৰাকীয়ে ব্যৱসায়ীজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে, অৱশ্যে, এতিয়া তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰাৰ সময়ত বিবাহৰ বাতৰিটো অস্বীকাৰ কৰিছে আৰু কয় যে তেওঁলোকে এতিয়া কেৱল ইজনে সিজনক ডেট কৰি আছে।
![]()
এক টুইটযোগে মোডীয়ে লিখিছে, "অলপতে মোৰ পৰিয়ালৰ সৈতে মালদ্বীপ আৰু চাৰ্ডিনিয়াৰ এক সুন্দৰ ভ্ৰমণৰ পিছত লণ্ডনলৈ উভতি আহিছো। আটাইতকৈ ধুনীয়া বেটাৰহাফৰ সৈতে। অৱশেষত এটা নতুন জীৱন আৰম্ভ কৰিবলৈ লৈছো। অভাৰ দা মুন।'
![]()
Sushmita Sen is married to Lalit Modi ললিত মোডীৰ শেহতীয়া টুইট। (ফটো ক্ৰেডিট: টুইটাৰ: @LalitKModi)
অৱশ্যে, যেতিয়া টুইটটো চৰ্চালৈ আহিছিল আৰু সুস্মিতা সেনৰ সৈতে বিবাহৰ বাতৰি আহিছিল, ললিত মোডীয়ে লগে লগে স্পষ্ট কৰি দিছিল যে তেওঁ আৰু সুস্মিতা সেনে এই মুহূৰ্তত ইজনে সিজনক ডেট কৰি আছে। দুয়োজনে এতিয়াও বিয়া হোৱা নাই। তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰিছিল য'ত লিখা আছিল, "স্পষ্টতাৰ বাবে, আমি বিবাহিত নহয়, কেৱল ইজনে সিজনক ডেট কৰি আছো। বিয়াখন এদিন হ'ব।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|