এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন সহকাৰী অংকিত আচাৰ্যই দাবী কৰিছে যে সুশান্তৰ ডিঙিত যি দাগ দেখা গৈছে তাৰ পৰা অনুমান কৰিব পাৰি যে সুশান্তই নিজে চিপ লৈ আত্মহত্যা কৰিছে।
তেওঁ দাবী কৰে যে সুশান্ত সিং ৰাজপুতৰ ডিঙিৰ দাগ দেখি ধাৰণা হয় যে সুশান্তৰ পোহনীয়া কুকুৰ ‘ফাজ’ৰ বেল্টেৰে গলা চেপি সুশান্তক হত্যা কৰা হৈছে। যি কৰ্মীয়ে সুশান্তৰ দেহ নমোৱাৰ কথা কৈছে তেওঁৰ ভূমিকাক লৈও প্ৰশ্ন কৰিছে সহকাৰীজনে।
অংকিতে সংবাদমাধ্যমৰ আগত দাবী কৰিছে যে, সুশান্তই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে। বৰং তেওঁ আন কোনোবা আত্মহত্যাপ্ৰৱণ হ’লে বাধাহে দিব পাৰে। তেওঁক যুঁজাৰ শক্তি দিব পাৰে। বুজাব পাৰে যে আত্মহত্যাৰ কোনো যুক্তি নাই কাৰণে মা–দেউতাই কষ্ট পাব।
তেওঁ লগতে জনায়, ‘মই ফাজক বাহিৰলৈ লৈ গৈছিলো। তাৰ বেল্ট ধুই পৰিষ্কাৰ কৰি ৰাখিছিলো। সেইকাৰণে মোৰ কাৰণে স্পষ্ট যে যি দাগ সুশান্তৰ ডিঙিৰ চাৰিওফালে আছে সেয়া সেই বেল্টৰেই হয়। যি সেউজীয়া দাগটো দেখুওৱা হৈছে সেইটোৰ সৈতে সেই দাগৰ কোনো মিল নাই।
তেওঁ লগতে কয়, সহকাৰী হৈ থকাৰ সময়ত ১৫ মিনিটৰ অন্তৰালত সুশান্তৰ খবৰ ৰাখিছিল তেওঁ। কোনো সময়ত অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নাছিল। কিয় কোনেও পুৱা ১০বজাৰ পৰা দুপৰীয়া ২টা বজাৰ ভিতৰত সুশান্তৰ ওচৰলৈ নগ’ল সেই কথা তেওঁ বুজিব পৰা নাই।
FIRST PUBLISHED : August 17, 2020, 10:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।