সুশান্ত সিং ৰাজপুতৰ আজি জন্ম বাৰ্ষিকীত ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰয়াত অভিনেতাগৰাকীৰ সৈতে পূৰ্বতে কেতিয়াও নেদেখা কিছু ছবি শ্বেয়াৰ কৰি তেওঁক স্মৰণ কৰে। ২০২০ চনৰ জুন মাহত তেওঁৰ আকস্মিক মৃত্যুৰ পূৰ্বে ডেটিং কৰিছিল অভিনেতাজনে।এই ছবিবোৰ তেওঁলোকৰ এটা বন্ধৰ দিনত তোলা যেন লাগে।
ফটোবোৰ শ্বেয়াৰ কৰি ৰিয়া চক্ৰৱৰ্তীয়ে লিখিছে, “(Infinity sign) +1”। ফটোবোৰত এই যুটিটোক আকৰ্ষণীয় দেখা গৈছিল। মুখত আছিল তেওঁলোকৰ উজ্জ্বল হাঁহি। এই ফটোসমূহ শ্বেয়াৰ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে পূৰ্বৰ স্মৃতি সুঁৱৰিছিল। সুশান্ত আৰু ৰিয়াক প্ৰায়ে একেলগে ৱৰ্কআউট কৰা দেখা গৈছিল। একেলগে কেইবাবাৰো ৰাজহুৱাভাৱে দেখা হৈছিল। ২০২০ চনৰ ২১ জানুৱাৰীত সুশান্তৰ জন্মদিনৰ দিনাহে যুঁটিটোৱে নিজৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল।
View this post on Instagram
ইয়াৰ পূৰ্বে কালি চহৰখনৰ এখন গেলামালৰ দোকানত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। অভিনেত্ৰীগৰাকীয়ে কিশোৰ এজনৰ সৈতেও তেওঁক মত বিনিময় কৰা দেখা গৈছিল। তেওঁ কিশোৰটিক ফল-মূল কিনিবলৈ আগবঢ়াই দিলে যদিও সি নাকচ কৰিলে। তেওঁ তাৰ পৰিৱৰ্তে বিক্ৰী কৰা বস্তুবোৰ কিনিলে। তলৰ ভিডিঅ'টো চাওকঃ
View this post on Instagram
ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে আত্মহত্যা কৰা বুলি খবৰ ওলাইছিল যদিও পৰৱৰ্তী বাতৰিয়ে তেওঁৰ মৃত্যুৰ সন্দেহৰ সৃষ্টি কৰিছে। নিজকে কুপাৰ হাস্পতালৰ কৰ্মচাৰী বুলি কোৱা এজন লোকে দাবী কৰে যে এছ এছ আৰক ‘হত্যা’ কৰা হৈছে। তেওঁৰ চাঞ্চল্যকৰ দাবীৰ পিছতে ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত জীয়াই থকাৰ বিষয়ে এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰে। টোকাটোত লিখা আছিল, “আপুনি জুইৰ মাজেৰে খোজ কাঢ়িছে, বানপানীৰ পৰা ৰক্ষা পৰিছে আৰু দানৱৰ ওপৰত জয়লাভ কৰিছে। পিছৰবাৰ নিজৰ ক্ষমতাক সন্দেহ কৰিলে এই কথা মনত ৰাখিব”। অনলাইনত অভিনেত্ৰীগৰাকীয়ে বহু সমালোচনাৰ সন্মুখীন হৈছিল আৰু আনকি সুশান্তৰ পৰিয়ালেও তেওঁক আত্মহত্যাৰ ক্ষেত্ৰত সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়েও এই শেহতীয়া ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিবিআইক হত্যাৰ দাবীৰ তদন্ত কৰিবলৈ আহ্বান জনায়। বাতৰিটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিবলৈ ইনষ্টাগ্ৰামলৈ গৈ লিখিছে, “যদি এই প্ৰমাণৰ এক সত্যতা আছে, তেন্তে আমি চিবিআইক সঁচাকৈয়ে অধ্যৱসায়ীভাৱে ইয়াৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনাইছো। আমি সদায় বিশ্বাস কৰি আহিছো যে আপোনালোকে এটা ন্যায্য তদন্ত কৰি আমাক সঁচা কথা জনাব। এতিয়ালৈকে একো বিচাৰি নাপাই আমাৰ হৃদয়খন বিষাইছে। #justiceforsushantsinghrajput।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|