মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Prabhash Rejects Rs 150 Crore Adv : ১৫০ কোটি টকাৰ বিজ্ঞাপনৰ অফাৰ প্ৰত্যাখ্যান কৰিছিল অভিনেতা প্ৰভাসে। কি আছিল কাৰণ?

Prabhash Rejects Rs 150 Crore Adv : ১৫০ কোটি টকাৰ বিজ্ঞাপনৰ অফাৰ প্ৰত্যাখ্যান কৰিছিল অভিনেতা প্ৰভাসে। কি আছিল কাৰণ?

অচিৰেই 'আদিপুৰুষ' (Adipurush) চিনেমাখনত দেখা যাব প্ৰভাসক য'ত তেওঁৰ বিপৰীতে অভিনয় কৰিছে কৃতী ছেনন (Kriti Sanon)এ। লগতে আহিব 'ৰাধে শ্যাম' (Radhe Shyam) ছবিখন য'ত পূজা হেগড়ে (Puja Hegde)ই অভিনয় কৰিছে প্ৰভাসৰ সৈতে।

  • Share this:
বাহুবলী (Bahubali) চিনেমাখনেৰে সমগ্ৰ দেশতে নিশাটোৰ ভিতৰতে আলোড়নৰ সৃষ্টি কৰা দক্ষিণৰ অভিনেতা প্ৰভাসে (Prabhash) অতি শেহতীয়াকৈ এক ডাঙৰ বিজ্ঞাপনৰ অফাৰ প্ৰত্যাখ্যান কৰাৰ বাতৰি আহিছে। আৰম্ভণিৰ পৰাই বিজ্ঞাপনৰ ব্ৰেণ্ড বাছনিৰ ক্ষেত্ৰত অতি ছিলেক্টিভ প্ৰভাসে অতি কম সংখ্যক বিজ্ঞাপনৰ অফাৰহে গ্ৰহণ কৰে। বস্ত্ৰ, ইলেকট্ৰনিক অথবা খাদ্য সামগ্ৰীৰ বিভিন্ন নামী-দামী ব্ৰেণ্ডে নিজৰ নিজৰ সামগ্ৰীৰ বিজ্ঞাপনৰ ববাবে যোগাযোগ কৰে প্ৰভাসক। কিন্তু নিজৰ নাম আৰু চেহেৰা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত অতিকে সাৱধান এইজন ছুপাৰষ্টাৰ।

প্ৰভাস এনে এগৰাকী অভিনেতা যাৰ নাম কেৱল ভাৰতৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে উচ্চাৰণ কৰা হয়। সেয়ে যে কোনো ব্ৰেণ্ডৰ বাবেই প্ৰভাস হৈছে প্ৰথম পছন্দ। কিন্তু ছবি উদ্যোগৰ ভিতৰুৱা সূত্ৰ মতে বিগত এবছৰত প্ৰায় ১৫০ কোটিৰ বিজ্ঞাপনৰ অফাৰ প্ৰত্যাখ্যান কৰিছে অভিনেতাগৰাকীয়ে।

জানিব ৰা মতে অভিনেতা প্ৰভাস অনুৰাগীৰ ওপৰত নিজৰ প্ৰভাৱৰ বিষয়ে অতি সচেতন আৰু সেয়ে যিকোনো ব্ৰেণ্ড বাছনিৰ সময়ত তেওঁ দায়িত্ববোধ মানি চলে।

সূত্ৰটোৰ মতে, "এনে নহয় যে প্ৰভাসে বিজ্ঞাপনত ভাগ নলয়, কিন্তু অতি সচেতনভাৱে ব্ৰেণ্ড বাছনি কৰে। সেয়ে সকলোৰে বাবে তেওঁক নিজৰ বিজ্ঞাপনত পোৱাটো সম্ভৱ নহয় আৰু সেয়ে তেওঁ ইমান এক্সক্লুছিভ।"

ইয়াৰ আগতেও বাহুবলীৰ ছুটিঙৰ সময়ত চিনেমাখনত মনোনিয়োগ কৰাৰ কাৰণেই ১০ কোটিৰ বিজ্ঞাপনৰ অফাৰ প্ৰত্যখ্যান কৰিছিল প্ৰভাসে।

২০১৯ৰ 'ছাহু'ৰ পিছত অচিৰেই এইগৰাকী অভিনেতাক 'আদিপুৰুষ' (Adipurush) চিনেমাখনত দেখা যাব য'ত প্ৰভাসৰ বিপৰীতে অভিনয় কৰিছে কৃতী ছেনন (Kriti Sanon)এ। লগতে আহিব 'ৰাধে শ্যাম' (Radhe Shyam) ছবিখন য'ত পূজা হেগড়ে (Puja Hegde)ই অভিনয় কৰিছে প্ৰভাসৰ সৈতে।

শেহতীয়া বাতৰি