মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »'মধুবনত ৰাধাই কি এনেদৰে নাচে নেকি!'- ছানীৰ নতুন গীতৰ বিৰুদ্ধে হিন্দু ধৰ্মীয় আৱেগত আঘাত হনাৰ অভিযোগ

'মধুবনত ৰাধাই কি এনেদৰে নাচে নেকি!'- ছানীৰ নতুন গীতৰ বিৰুদ্ধে হিন্দু ধৰ্মীয় আৱেগত আঘাত হনাৰ অভিযোগ

ছানী লিয়নীৰ নতুন গীতৰ বিৰুদ্ধে হিন্দুৰ আবেগত আঘাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে নেটিজেনে। উঠিছে বয়কট কৰাৰ দাবী।

ছানী লিয়নীৰ নতুন গীতৰ বিৰুদ্ধে হিন্দুৰ আবেগত আঘাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে নেটিজেনে। উঠিছে বয়কট কৰাৰ দাবী।

ছানী লিয়নীৰ নতুন গীতৰ বিৰুদ্ধে হিন্দুৰ আবেগত আঘাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে নেটিজেনে। উঠিছে বয়কট কৰাৰ দাবী।

  • Share this:
ছানী লিয়নীৰ নতুন গীতৰ বিৰুদ্ধে হিন্দুৰ আবেগত আঘাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে নেটিজেনে। উঠিছে বয়কট কৰাৰ দাবী। বুধবাৰে মুক্তি লাভ কৰিছে মধুবন শীৰ্ষক গীত। সেই গীতটোত দেখা গৈছে ছানী লিয়নীক। গীতটোত কণ্ঠদান কৰিছে কণিকা কাপুৰ আৰু অৰিন্দম চক্ৰৱৰ্তীয়ে। গীতৰ মূল কথাটো হ'ল- মধুবন মে ৰাধিকা নাচে।



১৯৬০ চনৰ কহিনুৰ ছবিত আছিল এই গীতটো। গীতটো নতুনকৈ তৈয়াৰ কৰা হৈছে। তাতেই আপত্তি নেটিজেনৰ। ছানীৰ কম পোছাক, যৌনগন্ধী নৃত্য দেখি বহুতে প্ৰশ্ন কৰিছে- এনেকুৱাই নেকি ৰাধা-কৃষ্ণৰ ঈশ্বৰিক প্ৰেম-সম্পৰ্কৰ গীত? কিয় অশ্লীলতাতে ভৰি পৰিল গীতটোত। গতিকে গীতটো বায়কটৰ দাবী উঠিছে।


বুধবাৰে এই গীতটো মুক্তি লাভ কৰাৰ পিছত অসংখ্য কমেণ্ট আহিছে। তাৰে ভিতৰত এজনে লিখিছে- মই অবাক হৈছো, এনে গীত দেখি। প্ৰযোজক, পৰিচালক অভিনেতা, গায়কসহ সংগীত শিল্পী সকলোৱে গীতটো তৈয়াৰ কৰিছে। কথা বিলাক ভাবি চাব লাগে। হিন্দু দেৱী, পূজাৰ লগতে সংস্কৃতিক অপমান কৰিছে গীতটোৰ জৰিয়তে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি