• Home
  • »
  • News
  • »
  • entertainment
  • »
  • পদপথৰ গহণাৰ দোকানীৰ ৰূপত অভিনেতা সুনীল গ্ৰোভাৰ! ছ’চিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’

পদপথৰ গহণাৰ দোকানীৰ ৰূপত অভিনেতা সুনীল গ্ৰোভাৰ! ছ’চিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’

অভিনেতাজনে প্ৰায়ে নিজৰ হাস্যকৰ ভিডিঅ' শ্বেয়াৰ কৰে সামাজিক মাধ্যমত। কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ৰাস্তাৰ কাষত বহি ৰঙীন গহনা বিক্ৰী কৰি থকা এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল।

  • Share this:
    সুনীল গ্ৰোভাৰ এজন জনপ্ৰিয় কৌতুক অভিনেতা । তেওঁ দ্য কপিল শৰ্মা শ্ব'ৰ গুট্টিৰ চৰিত্ৰ বাবে বিখ্যাত। তেওঁৰ অভিনয়ৰ জৰিয়তে সকলো বয়সৰ লোকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁক অলপতে ভাৰতৰ লাফটাৰ চেম্পিয়ন অনুষ্ঠানতও দেখা গৈছিল।অভিনেতাজনে প্ৰায়ে নিজৰ হাস্যকৰ ভিডিঅ' শ্বেয়াৰ কৰে সামাজিক মাধ্যমত। কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত নিজৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল । য'ত তেওঁক ৰাস্তাৰ কাষত বহি ৰঙীন গহনা বিক্ৰী কৰা দেখা গৈছিল। ভিডিঅ'টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি তেওঁ লিখিছিল, "ব্যক্তিগত।"

    এজন গ্ৰাহকে তেওঁক এটা সামগ্ৰীৰ মূল্য সুধিছিল, যাৰ উত্তৰত তেওঁ কৈছিল, "বিক্ৰীৰ বাবে নহয়। এইবোৰ সকলো ব্যক্তিগত বস্তু মোৰ। গ্ৰাহক এজনে এটা গহনা সামগ্ৰী স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু গ্ৰোভাৰে তেওঁক বাধা দি কৈছিল, "মই আপোনাক কৈছিলো যে এইটো বিক্ৰীৰ বাবে নহয়,আপুনি সেইটো বুজিব নাপায় নেকি?"।

    এই ভিডিঅ’টি বিয়পি পৰিছে অনুৰাগীৰ মাজত। তেওঁ কমেডি নাইটছ উইথ কপিল আৰু দ্য কপিল শৰ্মা শ্ব'ৰ দৰে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । লগতে সুনীল গ্ৰোভাৰ ’কানপুৰ ৱালে খুৰানাছ’ আৰু ’গেংছ অফ ফিল্মিস্তানতো’ অভিনয় কৰিছে।

    অভিনেতাজনক পৰৱৰ্তী সময়ত গুডবাইত দেখা পাব অনুৰাগীয়ে। যিটো বিকাশ বহলে পৰিচালনা কৰিছে। ছবিখনত অমিতাভ বচ্চন, নীনা গুপ্তা, পেভেল গুলাটি, এলি অভ্ৰৰাম আৰু চাহিল মেহতাইকো অভিনয় কৰা দেখা পাব দৰ্শকে।
    First published:

    শেহতীয়া বাতৰি