
অক্ষয় কুমাৰৰ নতুন ছবি ‘হাউচফুল–৪’ অহা দেৱালীত ছবিগৃহলৈ আহিব। বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত থকা অক্ষয় কুমাৰে নিজে স্বীকাৰ কৰিলে সেই কথা
অক্ষয় কুমাৰৰ নতুন ছবি ‘হাউচফুল–৪’ অহা দেৱালীত ছবিগৃহলৈ আহিব। বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত থকা অক্ষয় কুমাৰে নিজে স্বীকাৰ কৰিলে সেই কথা
বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ এইকেইদিন অত্যন্ত ব্যস্ত। নতুন ছবি হাউচফুল–৪ ৰ প্ৰচাৰত এতিয়া খুবেই ব্যস্ত হৈ আছে অভিনেতাজন। বহুকেইটা ৰাষ্ট্ৰীয় ৰেয়েলিটী শ্ব’ত হাউচফুল–৪ ৰ কলা কৌশলী সকল ছবিখনৰ প্ৰচাৰ কৰিবলৈ গৈছে। শুকৰবাৰে কপিল শৰ্মা শ্ব’ত ছবিখনৰ প্ৰম’ছনৰ বাবে যোৱা অক্ষয়ে নিজৰ কিছু তিতা মিঠা অভিজ্ঞতা শ্বেয়াৰ কৰে। অক্ষয় অত্যন্ত লাজুকীয়া হোৱাৰ বাবে এসময়ত এগৰাকী যুৱতীয়ে অক্ষয়ৰ লগত ছেদ কৰিছিল প্ৰেমৰ সম্পৰ্ক।
![]()
এসময়ত অক্ষয় কুমাৰে নিজৰ প্ৰেমিকাৰ লগত প্ৰায়ে গৈছিল মাদ্ৰাছ কফী শ্ব’পৰ লগতে বিভিন্ন ৰেষ্টুৰেণ্টলৈ। যুৱতীগৰাকীয়ে বিচাৰিছিল অক্ষয় কুমাৰে তাইৰ লগত কিছু সময় একেলগে পাৰ কৰক, কিন্তু অত্যন্ত লাজুকীয়া স্বভাৱৰ হোৱাৰ বাবে অক্ষয়ে কেতিয়াও তাই বিচৰা ধৰণে তাইক সময় দিব পৰা নাছিল, যাৰ ফলত কফী শ্ব’পতে দুয়োৰে মাজত বহুবাৰ কাজিয়াও হৈছিল। পিছত অক্ষয়ৰ লাজুকীয়া স্বভাৱৰ কাৰণেই অক্ষয়ৰ লগত প্ৰেমৰ সম্পৰ্ক ছেদ কৰিছিল যুৱতীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|