ল’ক ডাউনৰ সময়ত এতিয়া সকলো ঘৰতে আবদ্ধ হৈ আছে। ঘৰত কিছুমানৰ হয়তো আমনিও লাগিছে। অতীতক মনত পেলাবলৈ এতিয়া সম্প্ৰচাৰিত হৈছে ইখনৰ পিছত সিখন পুৰণি ধাৰাবাহিক। ৰামায়ণ, মহাভাৰতৰ পিছত এইবাৰ সম্প্ৰচাৰিত হ’ব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জীৱনৰ প্ৰথমখন ধাৰাবাহিক ‘চাৰ্কাছ’।
২৮ তাৰিখৰ পৰা প্ৰতিদিনে ডিডি নেচনেলত সম্প্ৰচাৰিত হ’ব ধাৰাবাহিকখন।নিশা ৮ বজাত সম্প্ৰচাৰিত হ’ব চাৰ্কাছ। এই ধাৰাবহিকখনৰ পৰিচালক মিৰ্জা আৰু কুন্দন শ্বাহ। উল্লেখযোগ্য যে, এই ধাৰাবাহিকখনৰ পিছতে শ্বাহৰুখ খানে বলীউদৰ ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|