এয়া যেন বিনা মেঘে বৰষুণ ৰ দৰে ! দেওবাৰে সন্ধিয়া নিজৰ অনুৰাগীক আচৰিত কৰি তুলিলে শ্বাহৰুখ খানে। নাই এইবাৰ 'পাথান'ৰ নতুন গান, ঝলক নহয়। ৰজা নিজেই ৰাজহুৱা স্থানত উপস্থিত হ’ল।
দেওবাৰে সন্ধিয়া তেওঁৰ প্ৰাসাদ ‘মন্নত’ৰ বেলকনিত উপস্থিত হয় শ্বাহৰুখ আৰু কেৱল তেওঁক চাবলৈ ৰাজপথত ভিৰ গোট খাই যায় মুৰ্হুতৰ ভিতৰত। শ্বাহৰুখৰ অনুৰাগীৰ মাজত আনন্দৰ যেন সীমা নাই।। শ্বাহৰুখেও সেই চিনাকি নায়ক শৈলীত হাত দেখুৱালে আৰু অনুৰাগীক চুমা উৰুৱাই দিলে।
অনুৰাগীৰ সৈতে কটোৱা মুহূৰ্তটো ইনষ্টাগ্ৰামত পোষ্ট কৰে শ্বাহৰুখে। তেওঁ লিখিছে, ‘এটা সুন্দৰ দেওবাৰৰ সন্ধিয়া উপহাৰ দিয়াৰ বাবে ধন্যবাদ।’
‘পাঠান’ মুক্তিৰ মাত্ৰ তিনিদিন পূৰ্বে শ্বাহৰুখে অনুৰাগীক এটা চমক দিলে। ছবিখনৰ প্ৰচাৰৰ বাবে মন্নতৰ বেলকনিত হঠাতে তেওঁৰ উপস্থিতি, পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন নাই।
চাৰি বছৰৰ মূৰত পৰ্দালৈ ঘূৰি আহিছে শ্বাহৰুখ। অনুৰাগীসকলে উত্তেজনাৰ পাৰাৰ ওপৰত উঠিছে। ভাৰতত মুক্তিৰ পাঁচ দিন পূৰ্বে ২০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ‘পাঠান’ৰ এডভান্স বুকিং। অৱশ্যে বহিঃৰাজ্যৰ অনুৰাগীসকলে আগতীয়াকৈ টিকট ক্ৰয় কৰাৰ সুযোগ ইতিমধ্যে লাভ কৰিছে। ইউ এ ই, জাৰ্মানী আৰু অষ্ট্ৰেলিয়াতো বৃহৎ সংখ্যক চিনেমাৰ টিকট বিক্ৰী হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|