মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »ছবিত মাকৰ কোলাত বহি থকা ছোৱালীজনী এতিয়া বলীউডৰ ছুপাৰষ্টাৰ! বেক টু বেক হিট ফিল্ম কৰা এই অভিনেত্ৰীগৰাকীক আপুনি চিনি পাইছেনে?

ছবিত মাকৰ কোলাত বহি থকা ছোৱালীজনী এতিয়া বলীউডৰ ছুপাৰষ্টাৰ! বেক টু বেক হিট ফিল্ম কৰা এই অভিনেত্ৰীগৰাকীক আপুনি চিনি পাইছেনে?

ছবিত মাকৰ কোলাত বহি থকা এই অভিনেত্ৰীগৰাকীক আপুনি চিনি পাইছেনে?

ছবিত মাকৰ কোলাত বহি থকা এই অভিনেত্ৰীগৰাকীক আপুনি চিনি পাইছেনে?

বলীউডৰ তাৰকাৰ শৈশৱৰ ফটো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে নিজৰ প্ৰিয় তাৰকাৰ শৈশৱৰ ফটোবোৰ চাবলৈ সদায় আগ্ৰহী হৈ থাকে।

  • Share this:

আজিকালি বলীউডৰ তাৰকাৰ শৈশৱৰ ফটো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে নিজৰ প্ৰিয় তাৰকাৰ শৈশৱৰ ফটোবোৰ চাবলৈ সদায় আগ্ৰহী হৈ থাকে। দুগৰাকী কণমানি ছোৱালীৰ এখন অতি পুৰণি ফটো ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে। এই দুয়োগৰাকী ছোৱালী বলীউডৰ জনপ্ৰিয় নাম। ফটোখনত মাকৰ কোলাত বহি থকা এই ছোৱালীজনীক আজি বলীউডৰ 'হিট মেচিন' বুলিও জনা যায়। গতিকে এই অভিনেত্ৰীগৰাকীক আপুনি চিনি পাব পাৰে নে নাই চাওঁ আহক।


এই ফটোখন বহুত পুৰণি, গতিকে চিনাক্ত কৰাটো কঠিন হোৱাটো নিশ্চিত। সেইবাবেই কওঁ যে এই অভিনেত্ৰীগৰাকীয়ে ৫০ বছৰ বয়সতো বেক টু বেক হিট ছবি দি আছে। যোৱা বছৰ এই অভিনেত্ৰীগৰাকীৰ দুখন ছবি মুক্তি পাইছিল আৰু দুয়োখন ছবিয়ে বক্স অফিচত উপাৰ্জনৰ নতুন অভিলেখ গঢ়িছিল। যদি আপুনি এতিয়াও বুজি পোৱা নাই, তেন্তে আমি আপোনাক কওঁ যে মাকৰ কোলাত বহি থকা এই কণমানিজনী আন কোনো নহয়, বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী টাবু।


ফটোখনত দেখা গৈছে টাবুৰ জ্যেষ্ঠ ভগ্নী ফাৰাহ নাজক। ফটোখনত ফাৰাহ মাকৰ কাষত থিয় হৈ থকা দেখা গৈছে আৰু টাবুৱে মাকৰ কোলাত বহি আছে। কওঁ, টাবুৰ জ্যেষ্ঠ ভগ্নী ফাৰাহ নাজেও বলীউডত ভাল নাম অৰ্জন কৰিছে। ১৯৮৫ চনত যশ চোপ্ৰাৰ ছবি ‘ফাছলে’ৰ জৰিয়তে ফাৰাহে বলীউডত অভিষেক ঘটায়।



টাবুক ‘হিট মেচিন’ বুলি কোৱা হয়
যোৱা বছৰ টাবুক হিট মেচিন নামেৰে নামাকৰণ কৰা হৈছিল। ২০২২ চনত মুক্তি লাভ কৰিছিল টাবুৰ ‘ভূল ভুলাইয়া ২’ আৰু ‘দৃশ্যাম ২’। এই দুয়োখন ছবিয়ে বক্স অফিচত অভিলেখ ধন উপাৰ্জন কৰিছিল। যোৱা বছৰ বলীউডৰ কেইখনমান ছবিহে বক্স অফিচত সফল হৈছিল, ইয়াৰে দুখন ছবি আছিল টাবুৰ ছবি।


'ভোলা'ত দেখা যাব
অভিনেত্ৰীগৰাকীয়ে নতুন বছৰৰো এক শক্তিশালী আৰম্ভণি কৰিছে। কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছে টাবুৰ ছবি ‘কুট্টে’। এই ছবিখনৰ পৰাও টাবুৱে বহু শিৰোনাম দখল কৰিছে। এতিয়া এইগৰাকী অভিনেত্ৰীক অতি সোনকালে অজয় দেৱগানৰ ছবি ‘ভোলা’ত দেখা যাব। এই ছবিখনতো টাবুক এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।

শেহতীয়া বাতৰি