এই বছৰৰ ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰিলে কৰ্ণাটকৰ ছিনি শেট্টীয়ে। দেওবাৰে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হয় ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগিতা। এই মঞ্চতে বিজয়ী ঘোষণা কৰা হয় ২১ বছৰীয়া ছিনিক। প্ৰতিযোগিতাৰ দ্বিতীয় স্থান দখল কৰে ৰাজস্থানৰ ৰুবল শ্বেখাৱটে। তৃতীয় স্থানত থাকে উত্তৰ প্ৰদেশৰ শিনাটা চহ্বন। বিভিন্ন ৰাজ্যৰ ৩১গৰাকী সুন্দৰীক পৰাজিত কৰি ছিনিয়ে দখল কৰে চূড়ান্ত বিজয়ীৰ খিতাপ।
তাৰকাৰে সমৃদ্ধ অনুষ্ঠানত জুৰীৰ পেনেলত উপস্থিত আছিল বলীউদৰ নেহা ধুপিয়া, দিনো মোৰিয়া, মালাইকা আৰোৰা, ডিজাইনাৰ ৰোহিত গান্ধী আৰু ৰাহুল খান্না, কৰিঅ’গ্ৰাফাৰ শমক দাভৰ, প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজসহ আন বহু ব্যক্তি।
২০২১ চনৰ ফেমিনা মিছ ইণ্ডিয়া তেলেংগানাৰ মানসা বাৰাণসীয়ে নিজ হাতেৰে মিছ ইণ্ডিয়াৰ মুকুট পিন্ধাই দিয়ে ছিনিক। চলিত বছৰৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিব তেওঁ। প্ৰাক্তন মিছ ইণ্ডিয়া ইউনিভাৰ্ছ নেহা ধুপিয়াই কয়, এই অভিজ্ঞতা জীৱনত অমূল্য। নিজৰো পুৰণি স্মৃতি ঘূৰি অহা বুলি উল্লেখ কৰে নেহাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|