• Home
  • »
  • News
  • »
  • entertainment
  • »
  • ডায়েবেটিচ নাছিল, উচ্চ ৰক্তচাপ বা তেনে কোনো ৰোগ নাছিল ! KK ৰ প্ৰাণঘাতী Heart Attack আঁৰৰ কাৰণ কি ?

ডায়েবেটিচ নাছিল, উচ্চ ৰক্তচাপ বা তেনে কোনো ৰোগ নাছিল ! KK ৰ প্ৰাণঘাতী Heart Attack আঁৰৰ কাৰণ কি ?

কেকেৰ অকাল মৃত্যুৰ আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে শিল্পীজনৰ আগতে কেতিয়াও হাৰ্ট এটাকৰ কোনো সম্ভাৱনা নাছিল। কেকেৰ ওচৰৰ সূত্ৰই কৈছে যে গায়কজন যথেষ্ট স্বাস্থ্য সচেতন আছিল আৰু আগতে কেতিয়াও এনেধৰণৰ ডাঙৰ ৰোগ হোৱা নাছিল।

  • Share this:
বহুতে এতিয়াও গায়ক কেকেৰ অস্বাভাৱিক মৃত্যুক বিশ্বাস কৰিব নোৱাৰে! ৩১ মে, মঙলবাৰে কলকাতাত নজৰুল মঞ্চত গান গাই থকা প্ৰাণৱন্ত শিল্পীগৰাকীয়ে তেওঁৰ মৃত্যুত হতবাক হৈ পৰে সংগীত প্ৰেমীসকল। বিশেষকৈ, হাজাৰ হাজাৰ লোকৰ আগত যিজনে মৃত্যুৰ অলপ আগতে গান গাইছিল তেওঁলোকে ৰক্ষা কৰাৰ সুযোগে নাপালেনে ? এই প্ৰশ্নটো সকলোৱে সুধিছে। কেকেৰ অকাল মৃত্যুৰ আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে শিল্পীজনৰ আগতে কেতিয়াও হাৰ্ট এটাকৰ কোনো সম্ভাৱনা নাছিল। কেকেৰ ওচৰৰ সূত্ৰই কৈছে যে গায়কজন যথেষ্ট স্বাস্থ্য সচেতন আছিল আৰু আগতে কেতিয়াও এনেধৰণৰ ডাঙৰ ৰোগ হোৱা নাছিল।

কেকেৰ ওচৰৰ সূত্ৰই কৈছে যে গায়কজনে নিয়মীয়াকৈ যোগাভ্যাস কৰিছিল আৰু কেতিয়াও অতি অদ্ভুত খাদ্যৰ প্ৰতি আগ্ৰহ নাছিল। সূত্ৰ অনুসৰি, কে.কে. যথেষ্ট স্বাস্থ্য সচেতন আছিল। তেওঁ তেওঁৰ ফিটনেছৰ বিষয়ে সতৰ্ক আছিল।

প্ৰয়াত গায়কজনৰ ওচৰৰ এক সূত্ৰই কয়, কে.কে.ই কেতিয়াও মচলাযুক্ত খাদ্য খোৱা নাছিল। তেওঁ নিয়মীয়া যোগ আৰু কঠোৰ আহাৰ অনুসৰণ কৰিছিল। আনকি ৫০ বছৰৰ পাছতো, কে.কে.ই কেতিয়াও তেওঁৰ স্বাস্থ্যক অৱহেলা কৰা নাই। সূত্ৰটোৱে এইটোও কৈছে যে কেকেৰ ডায়েবেটিচ বা উচ্চ ৰক্তচাপৰ কোনো চিকিৎসা ইতিহাস নাই।

কে.কে. সংবাদ মাধ্যমৰ সৈতে বিশেষ সম্পৰ্ক, সাক্ষাৎকাৰ বা লাইমলাইটৰ পৰা আঁতৰি আছিল। মৃদুভাষী কে.কে. সদায় 'ফেমিলি মেন' আছিল। কেকে তেওঁৰ কেৰিয়াৰৰ মুঠ তিনিটা ৰিয়েলিটি শ্ব'ৰ অংশ আছিল যাৰ ভিতৰত আছে গুৰুকুল, ইণ্ডিয়ান আইডল জুনিয়ৰ চিজন ২ আৰু কোক ষ্টুডিঅ'।

কেকেৰ পৰিয়াল বুধবাৰে ৰাতিপুৱা কলকাতা বিমানবন্দৰত উপস্থিত হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ পিছত গায়কজনৰ মৃতদেহ মুম্বাইলৈ লৈ যোৱা হ'ব। মৃত্যুৰ কাৰণ জানিবলৈ কলকাতাৰ এছএছকেএম চিকিৎসালয়ত এটা মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। বাতৰি অনুসৰি, আৰক্ষীয়ে ধৰ্মতলাৰ পঞ্চতাৰকা হোটেলখনৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰিব আৰু কৰ্মচাৰী আৰু অনুষ্ঠানৰ আয়োজকসকলৰ সৈতেও কথা পাতিব।
Published by:Kokil Sarma
First published: