অনুষ্ঠানৰ অন্তত যেতিয়া তেওঁ হোটেললৈ উভতি আহিছিল, তেতিয়া হঠাতে অসুস্থ হৈ পৰে। লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত শিল্পীগৰাকীক মৃত ঘোষণা কৰা হয়। অনুষ্ঠানৰ অন্তত যেতিয়া তেওঁ হোটেললৈ উভতি আহিছিল, তেতিয়া হঠাতে অসুস্থ হৈ পৰে। লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত শিল্পীগৰাকীক মৃত ঘোষণা কৰা হয়। মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কে কেই। তেওঁৰ মৃত্যুৰ সন্দৰ্ভত নিউ মাৰ্কেট থানাত ৰুজু হৈছে অস্বাভাৱিক মৃত্যুৰ গোচৰ। আজি এছ এছ কে এমত প্ৰয়াত সংগীতশিল্পী কে কেৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত জনপ্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ কি আছিল ঠিক সেই কথা বুজিব পৰা যাব (Singer KK Death Update)।
বিগত দুদিন কলকাতাৰ নজৰুল মঞ্চত আছিল তেওঁৰ অনুষ্ঠান। মঙলবাৰেও হাঁহিমুখীয়া আৰু সজীৱ শিল্পীগৰাকীয়ে মঞ্চত ইটোৰ পিছত সিটো গীত গাইছিল। অনুষ্ঠানৰ অন্তত যেতিয়া তেওঁ হোটেললৈ উভতি আহিছিল, তেতিয়া হঠাতে অসুস্থ হৈ পৰে। লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত শিল্পীগৰাকীক মৃত ঘোষণা কৰা হয়। প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে, হাৰ্ট এটেক হৈ মৃত্যু হৈছে শিল্পীগৰাকীৰ।
জানিব পৰা মতে ষ্টেজ শ্ব’ৰ সময়ত কে কে অসুস্থ অনুভৱ কৰিছিল। বাৰে বাৰে ঘাম মচিছিল। অস্বস্তিত কেকে বাৰে বাৰে স্পটলাইট বন্ধ কৰিবলৈ কৈছিল। নজৰুল মঞ্চত কলেজৰ সংগীত অনুষ্ঠানৰ পৰা আহি হোটেলত বমি কৰিছিল শিল্পীগৰাকীয়ে। হাস্পতাললৈ নিয়াৰ পিছত চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। শৰীৰৰ কপাল আৰু ওঁঠত আঘাতৰ চিহ্ন দেখা গৈছিল (Singer KK Death Update)।
আজি কলকাতালৈ আহিব কে কেৰ পৰিয়ালৰ লোক। জানিব পৰা মতে, বুধবাৰে পুৱা কলকাতাত উপস্থিত হ’ব শিল্পীগৰাকীৰ পৰিয়াল। নিউ মাৰ্কেট আৰক্ষী থানাত তেওঁৰ মৃত্যুত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু হৈছে (Singer KK Passed Away) । শাৰীৰিক অসুস্থতা নে অন্য কাৰণত (Singer KK Death Update) মৃত্যু হৈছে সেয়া তদন্ত কৰি আছে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁৰ পৰিয়াল উপস্থিত হোৱালৈ অপেক্ষা কৰিছে। তেওঁলোকৰ সন্মতি আৰু মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়াৰ পিছত তদন্ত আৰু মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। এছ এছ কে এম হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। দুপৰীয়া সকলো প্ৰক্ৰিয়াৰ পিছত মৃতদেহ পৰিয়ালক গতাই দিয়া হ’ব। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
১৯৮৬ চনত দিল্লীত কেকেৰ জন্ম হৈছিল। শিল্পীগৰাকীৰ সম্পূৰ্ণ নাম কৃষ্ণকুমাৰ কুন্নাথ। বলীউদ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে তেওঁ প্ৰায় সাড়ে তিনি হাজাৰ বিজ্ঞাপনৰ ‘জিংগল’ গাইছিল। মুম্বাইত কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে কিছুদিন মাৰ্কেটিঙৰো কাম কৰিছিল। কেকেই প্ৰথমে বিজ্ঞাপন আৰু টেলিভিছনৰ কাম আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ এলবামৰ কামত মনোনিৱেশ কৰে।
কেকেৰ (Singer KK Passed Away) প্ৰথম এলবাম ‘পল’–এ কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ শিখৰত উপনীত হয়। 'য়াৰো দোস্তি বড়ী হি হাছিন হ্যেয়' গীতটি আজিও নৱ প্ৰজন্মৰ কণ্ঠত শুনা যায়। এ আৰ ৰহমানৰ সংগীত পৰিচালনাৰে আৰম্ভ হৈছিল কে কেৰ যাত্ৰা। কিন্তু বলীউদত তেওঁৰ ডাঙৰ ব্ৰেক আছিল ‘হম দিল দে চুকে ছনম’। তেওঁৰ 'তৰপ তৰাপ কে' গীতটি অতি জনপ্ৰিয়। তাৰ পিছৰে পৰা এটাৰ পিছত আনটো ‘হামৰাজ’, ‘ওম শান্তি ওম’, ‘দশ’, ‘জন্নত’, ‘বচনা এ হাছিনো’ আদি চিনেমাত গীত গাইছিল। কেকে কেৱল হিন্দীতে নহয়, তামিল, তেলুগু, মাৰাঠী, কানাড়া আৰু বাংলা ভাষাতো গাইছে। কেকে বাংলা ছবি ‘ফাণ্ডে পৰিয়া বগা কান্দে ৰে’ আৰু ‘পাছৱৰ্ড’তো গীত গাইছিল। শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰিছে শিল্পী মহলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে।
Published by: Sanjay Kumar Das
First published: June 01, 2022, 09:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|